Breaking

টংলাৰ যুৱ সাংবাদিক দিগন্ত কুমাৰ শৰ্মালৈ দুৰ্নীতি বিৰোধী শূণ্য সহনশীল বঁটা

0 1,292

টংলা, ১১ডিচেম্বৰ : সামাজিক দায়বদ্ধতা, নিষ্ঠা, সমাজ হিতৈষী শূন্য সহনশীল মনোভাৱেৰে গনতন্ত্ৰৰ চতুৰ্থস্তম্ভ সাংবাদিকতা জীৱনৰ পাতনিমেলি দুখ যন্ত্ৰণাৰ মাজেৰে প্ৰতিদিনে ৰাইজৰহৈ কলমেৰে মাত মাতি অহা টংলা দৈনিক অগ্ৰদূতৰ সাংবাদিক দিগন্ত কুমাৰ শৰ্মালৈ “২০২০ বৰ্ষৰ দুৰ্নীতি বিৰোধী শূণ্য শহনশীল বিশেষ বঁটা” প্ৰদান কৰে দুৰ্নীতি বিৰোধী যুৱ শক্তিয়ে।যোৱা ৯ ডিচেম্বৰত বঁটা গ্ৰহণ কৰি সত্য আৰু সততাৰে সমাজৰ হকে কাম কৰাৰ মন ব্যক্ত কৰে বঁটা প্ৰাপক দিগন্ত কুমাৰ শৰ্মাই। দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম লখিমপুৰ জিলা সমিতিৰ উদ্যোগত লগতে কেন্দ্ৰীয় সমিতি আৰু লখিমপুৰ ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা আন্ত:ৰাষ্ট্রীয় দুৰ্নীতি বিৰোধী দিৱসৰ লগত সংগতি ৰাখি যোৱা বুধবাৰে লখিমপুৰৰ যুৱ নগৰ লালুকত বঁটা প্ৰদান আনুষ্ঠানত এই বঁটা প্ৰদান কৰে। প্ৰায় দুটা দশক ধৰি সংবাদসেৱাৰ জড়িয়তে ৰাইজৰহৈ মাত মাতি অহাৰ লগতে সময়ে সময়ে বহু শিক্ষিত যুৱক যুৱতীক আত্মাসংস্থাপনৰ বাট দেখুৱাই অহা টংলা প্ৰেছ ক্লাৱৰ উপ সভাপতি দিগন্ত কুমাৰ শৰ্মালৈ এই বঁটা প্ৰদানে তেওঁৰ লগতে টংলা প্ৰেছ ক্লাবে গৌৰৱ অনুভৱ কৰাৰ লগতে এনে এক বটা টংলা প্ৰেছ ক্লাৱৰ বিষয়ববীয়ালৈ দিয়াৰ বাবে দুৰ্নীতি বিৰোধী যুৱ শক্তিক টংলা প্ৰেছ ক্লাৱৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা প্রকাশ কৰে টংলা প্ৰেছ ক্লাৱৰ বিষয়ববীয়া আৰু সদস্য সকলে। লগতে বটা প্ৰাপ্ত টংলা প্ৰেছ ক্লাৱৰ উপঃ সভাপতি দিগন্ত কুমাৰ শৰ্মাক শুভেচ্ছা আৰু আদৰণি জনাই।

Leave A Reply