Breaking

একাদশ শ্ৰেণীৰ ছাত্ৰী পৰিণীতা হাজৰিকাৰ জন্মদিনত দিগদৰ্শন প্ৰকাশনৰ ইতিবাচক পদক্ষেপ

0 2,062

বিশেষভাবে সক্ষম পৰিণীতা হাজৰিকা নামৰ এগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰীৰ স্ব-ৰচিত কবিতাসমূহ থূপ খোৱাই ১৬জুনত ছাত্ৰীগৰাকীৰ জন্মদিনত যোৰহাটৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী দিগদৰ্শন প্ৰকাশনে গ্ৰন্হ আকাৰে ছপা ৰূপ দি প্ৰকাশ কৰি পাঠকৰ হাতত তুলি দিয়া ইতিবাচক আৰু প্ৰশংসনীয় পদক্ষেপক শলাগ লৈছে কমাৰগাঁওৰ বুধবাৰীৰ ৰাইজে। যোৰহাটৰ দিগদৰ্শন প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত শিশু আৰু কিশোৰৰ অসমীয়া মাহত প্ৰকাশিত পষেকীয়া আলোচনী “জ্ঞানজ্যোতি”ৰ প্ৰতিনিধি পৰিণীতা হাজৰিকাৰ গোলাঘাট জিলাৰ কমাৰগাঁৱৰ বুধবাৰীস্হিত বাসগৃহত কবিতা পুথি”নিৰিবিলি সুবাস” উন্মোচন কৰে বিশিষ্ট কবি অমল দাৱে।দিনৰ ১১বজাৰ পৰা জন্মদিনৰ লগত সংগতি ৰাখি আয়োজিত এই অনুষ্ঠান ধৰিত্ৰী হাজৰিকা বৰা,দীপা বৰা শইকীয়া,ৰুবী দত্ত ভূঞা,ৰূপা বৰাৰ বৰগীত পৰিৱেশনৰে শুভাৰম্ভ হয়। গ্ৰন্হখনৰ প্ৰকাশক তথা দিগদৰ্শন প্ৰকাশনৰ স্বতাধিকাৰ পংকজ কুমাৰ দাসে আঁত ধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত মহুৰা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পূৰ্ণ বৰুৱা,সাংবাদিক পৱন কামান,অৱসৰপ্ৰাপ্ত শিক্ষক মহেন শইকীয়া,দুলাল বৰা,স্হানীয় নাট্য সংঘৰ সম্পাদক ৰণ্টু শইকীয়াই বিশিষ্ট অতিথিৰূপে উপস্হিত থাকি বক্তব্য ৰাখে।

উদীয়মান শিল্পী স্নিগ্ধা শইকীয়াৰ অভিনয়, তৃষ্ণা শইকীয়াৰ নৃত্য পৰিৱেশনে উপস্হিত সকলোকে মুগ্ধ কৰা সভাখনত কবিতা পাঠ কৰে উৎপল বৰাই। কবিতা ভূঞা কলিতা আৰু ধৰিত্ৰী হাজৰিকা বৰাই বক্তব্য ৰখা সভাখনত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী ক্ৰমে প্ৰাঞ্চিকা হাজৰিকা,প্ৰিয়াক্ষী গোঁহাই,দৃষ্টি হাজৰিকা,মৃণ্ময় বৰা,পূবালী শইকীয়া আৰু পৰিণীতা হাজৰিকাক গ্ৰন্হৰ টোপোলা আৰু অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে পৰিণীতা হাজৰিকাৰ ২০২১ চনত “এমুঠি হৃদয়ৰ অনুভৱ” আৰু ২০২১চনত “হৃদয়ৰ এমুঠি কবিতা” জন্মদিনৰ লগত সংগতি ৰাখি প্ৰকাশ কৰিছিল দিগদৰ্শন প্ৰকাশনে।শতাধিক ৰাইজে অংশগ্ৰহণ কৰা অনুষ্ঠানৰ সামৰণি জাতীয় সংগীত পৰিৱেশনৰে কৰা হয়।

Leave A Reply