Breaking

ডিগবৈত জব্দ বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসহ নগদ ১ লাখ ৮০ হাজাৰ টকা,তিনিজনক আটক

0 2,131

সমগ্ৰ ৰাজ্যখনতে এচাম যুৱ প্ৰজন্মই সামাজিকভাৱে নিসিদ্ধ কানি,ভাং ,ড্ৰাগছকে আদি কৰি বিভিন্ন নিচাযুক্ত দ্ৰব্য সেৱন কৰি নিজৰ লগতে সমাজখনক অন্ধকাৰৰ দিশে গতি কৰাইছে৷ঠিক সেই সময়তে ,গোপন সূত্ৰৰ পম দেখি দুলীয়াজান আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তৰ নেতৃত্বত ডিগবৈ আৰক্ষীৰ সহযোগত আজি পুৱাৰ সময়তে ডিগবৈ চাৰিআলি পুলিচ পইন্টৰ সমিপত ৰে’ল ক্ৰচিংৰ কাষৰ চায়ৰা বেগম নামৰ মহিলাগৰাকীৰ বাসগৃহৰ পৰা ২৫ কিঃগ্ৰাঃ ভাং,৭৫ টা চিচি ভৰ্ত্তি ড্ৰাগছ আৰু নগদ ১ লাখ ৮০ হাজাৰ টকা জব্দ কৰাৰ লগতে বাসগৃহটোৰ গৰাকী চায়ৰা বেগম ,পুস্কি আলি আৰু শান্তনু বৰা নামৰ তিনিজন লোকক আটক কৰি দুলীয়াজান আৰক্ষী থানালৈ লৈ যায়৷আৰক্ষী বিষয়াজনে অৱগত কৰা অনুসৰি ,গোপন সূত্ৰৰ খবৰৰ ভিত্তিত যোৱাকালিও চায়ৰা বেগম নামৰ মহিলাগৰাকীৰ বাসগৃহত অভিযান চলাইছিল যদিও বাসগৃহৰ লোকসকলে পলায়ন কৰিবলৈ সক্ষম হোৱাৰ পাচত আজি পুৱাই পুনৰ অভিযান চলাই বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসহ তিনিজন লোকক আটক কৰিবলৈ সক্ষম হয়৷জানিব পৰা অনুসৰি আটকাধীন চায়ৰা বেগম সহ পুত্ৰ ৰাজ আলি বিগত বহু বছৰৰ পৰা বিভিন্ন নিচাযুক্ত সামগ্ৰীৰ ব্যৱসায় কৰি সমাজৰ এচাম যুৱ প্ৰজন্মৰ জীৱনলৈ কাল অমানিশা নমাই অনাৰ লগতে সমগ্ৰ ডিগবৈ চহৰখনতেই সন্ত্ৰাস সৃষ্টি কৰি ৰাখিছিল৷কিন্তু উল্লেখ্য বিষয় যে,ডিগবৈ চহৰৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনে ডিগবৈ আৰক্ষী প্ৰশাসনক বাৰম্বাৰ অভিযোগ কৰি অহাৰ পাচতো উক্ত ঘাটি উৎখাত কৰিবলৈ সক্ষম নোহোৱাৰ বিপৰীতে দুলীয়াজান আৰক্ষী উৎখাত কৰিবলৈ সক্ষম হোৱাক লৈ ডিগবৈ সমাজ সচেতন ৰাইজৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে৷আনহাতে পূৰ্বতেও ডিগবৈ চহৰৰ বিভিন্ন স্থানৰ পৰা নিচাযুক্ত সামগ্ৰী জব্দ কৰিছিল আৰক্ষীয়ে কিন্তু বৰ্তমানো নগৰখনৰ বিভিন্ন প্ৰান্তত নিচাযুক্ত সামগ্ৰী বিক্ৰি অথবা সেৱন অব্যাহত আছে ।এফালে চহৰ খনৰ একাংশ যুৱক ড্ৰাগছ ,কানি ,ভাংৰ কৱলত মাতাল হৈ পৰা পৰিলক্ষিত হৈছে ।

Leave A Reply