Breaking

দিহিং পাটকাইক নি:শেষ নকৰিব।

0 335
  • জুৰিতা দাস

অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত এখন বৰ্ষাৰণ্য যাক আমি সকলোৱে  দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য বুলি জানো ৷ এই অভয়াৰণ্যৰ বিস্তৃতি তথা ঘন বনাঞ্চলৰ বাবে ইয়াক ‘পূবৰ আমাজান (“The Amazon of the east”) বুলিও আখ্যা দিয়া হৈছিল ৷ ২০০৪ চনৰ ১৩ জানুৱাৰী তাৰিখে দিহিং পাটকাইক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হৈছিল ৷ ইয়াৰ উপৰিও এই অভয়াৰণ্যখন দিহিং পাটকাই হস্তী প্ৰকল্পৰ এটা অংশ ৷ ইয়াৰ  ভৌগোলিক বিৱৰণ চাবলৈ গ’লে আমি দেখো যে এই বন্যপ্ৰাণী অভয়াৰণ্যখন তিনিটা অংশৰে গঠিত হৈছে- জয়পুৰ , দিহিং নৈ  আৰু ডিৰক বৰ্ষাৰণ্য ৷ এই বৰ্ষাৰণ্যখন অসমৰ তিনিখন জিলা অৰ্থাৎ ডিব্ৰুগড়, তিনিচুকীয়া আৰু শিৱসাগৰৰ প্ৰায় ৫৭৫ বৰ্গ কিলোমিটাৰ জুৰি বিস্তৃত হৈ আছে৷ বনাঞ্চলখনৰ এটা অংশ অসম চৰকাৰে বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰে- বাকী অংশ ডিব্ৰু-দেওমালি হস্তী প্ৰকল্প ৰ অন্তৰ্ভুক্ত ৷ আনহাতে ইয়াৰ জৈৱবৈচিত্ৰৰ ফালে চালে দেখিবলৈ পোৱা যায় যে জাকত জিলিকা উদ্ভিদকূল আৰু জীৱকূলেৰে দিহিং পাটকাই এখন সমৃদ্ধিশালী বনাঞ্চল।  অৰণ্যখনৰ   অৱস্থান, ভূ -প্ৰকৃতি আৰু জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰি ইয়াত মূলত চিৰসেউজীয়া বনৌষধি , নৈ-উপনৈ ,জলাহভূমি আদি দেখা যায়। ইয়াত অৱস্থিত উল্লেখযোগ্য উদ্ভিদ প্ৰজাতি সমূহ হৈছে – হোলোং, মেকাই, ধূণা, উৰিয়াম, নাহৰ, শামকঠাঁল, ভেৰ, শলখ, ঔটেঙা, ডিমৰু ইত্যাদি৷ তাৰোপৰি ইয়াত নানা প্ৰকাৰৰ  উদ্ভিদ, যেনে – অৰ্কিড, লতা-জাতীয় উদ্ভিদ আদি দেখা পোৱা যায়৷ ঘাঁহজাতীয় উদ্ভিদৰ ভিতৰত গ্ৰাচিনিয়া লেনচিফ’লিয়া, মিচেলিয়া মুনি, বাচাউৰিয়’ চুপিডা আদি প্ৰধান প্ৰজাতি৷অৰ্কিডৰ বৈচিত্ৰ্যৰ বাবে দিহিং পাটকাইৰ বনাঞ্চল অতি প্ৰখ্যাত৷ বৰ্তমানলৈকে ৪৫ গোত্ৰৰ প্ৰায় ১০১ বিধ অৰ্কিডৰ প্ৰজাতি দেখিবলৈ পোৱা যায়৷ ইয়াৰে ৭৯ বিধ ইপিফাইটিক, ২১ বিধ স্থলজ আৰু এবিধ চেপ্ৰ্পফাইট ৷ তাৰোপৰি এই অৰ্কিডসমূহৰ আঠবিধ সংকটাপন্ন , ১৫ বিধ বিপদসংকুল , ৫ বিধৰ সংকট আসন্ন । ইয়াৰ উপৰি এই অৰ্কিডসমূহৰ ভিতৰত ”থ্ৰিক্স্‌পেৰাম একুমিনাটিচিয়াম নামৰ প্ৰজাতিটো ভাৰতত প্ৰথমবাৰৰ বাবে পোৱা গৈছে ৷ তাৰোপৰি ৯ বিধ অন্য অৰ্কিড যেনে বুলব’ফাইলাম ইবুলবাম,
চাৰ’সোগ্ল’চাম ইৰাটিকাম ,চি.ৰোবিনচোনী,এৰিয়া কোনাটে, ই.পুডিকা ,হেটেৰিয়া এফিনিচ্‌ ,থেলাচিচ প্যিগমিয়া ,টানিয়ফাইলাম ক্ৰেপিডিফৰ্ম  আৰু যেউজিন ক্লেনডেছ্‌টাইন অসমত প্ৰথমবাৰৰ বাবে এই বৰ্ষাৰণ্যখনতে পোৱা যায় ৷দিহিং পাটকাইৰ প্ৰাণীকুলৰ বৈচিত্ৰ্যও অন্য এক লক্ষণীয়া দিশ৷ ইয়াত বৰ্তমানলৈকে ৪২ বিধ স্তন্যপায়ী প্ৰাণী , ৪০ বিধ সৰীসৃপ আৰু ৩০ বিধ পখিলাৰ প্ৰজাতি পোৱা গৈছে৷ ইয়াত সচৰাচৰ দেখিবলৈ পোৱা স্তন্যপায়ী প্ৰাণীবোৰ হ’ল- হলৌ বান্দৰ, লাজুকী বান্দৰ, গাহৰি নেজীয়া বান্দৰ, সেন্দুৰী বান্দৰ, টুপীমূৰীয়া বান্দৰ, হাতী, ঢেঁকীয়াপতিয়া বাঘ, নাহৰফুটুকী বাঘ, বনৰীয়া ম’হ, পেংগ’লিন, ভালুক, কেৰ্কেটুৱা, গোধাফুটুকী বাঘ, শৰপহু, সুগৰি পহু, সোণালী মেকুৰী ইত্যাদি ৷দিহিং পাটকাই বৰ্ষাৰণ্যত ২৯৩ বিধ চৰাইৰ প্ৰজাতি থকা বুলি অনুমান কৰা গৈছে  ৷ এই চৰাইসমূহ ৫১ বিধ পৰিয়ালৰ ১৭৪ গোত্ৰৰ অন্তৰ্ভুক্ত৷ ইয়াত দেখা পোৱা চৰাইসমূহৰ ৬৩.৭% স্থানীয় চৰাই, ২৩.১% শীতকালৰ পৰিভ্ৰমণকাৰী, ২.৫% গ্ৰীষ্মকালৰ পৰিভ্ৰমণকাৰী৷ ইয়াৰে ১৩ বিধ চৰাইৰ প্ৰজাতি সংকটাপন্ন, যেনে-পাটিশগুণ, দেওহাঁহ, হাড়গিলা ইত্যাদি ৷ অভয়াৰণ্যখনকে ধৰি গোটেই অঞ্চলটোত নেচাৰ্ছ বেকন,ব’ম্বে নেচাৰেল হিষ্ট্ৰী চ’ছাইটী আৰু বাৰ্ড লাইফ ইণ্টাৰনেচনেল নামৰ সংস্থাকেইটাই একত্ৰিতভাৱে অধ্যয়ন চলাইছিল৷সেই অধ্যয়নৰ পিছত অঞ্চলটো ইম্পোৰ্টেন্ট বাৰ্ড এৰিয়া চাইট্‌ বুলি প্ৰতিপন্ন কৰা হয় । কিন্তু বৰ্তমান সময়ছোৱাত অসমৰ একমাত্ৰ বৰ্ষাৰণ্যখনলৈ বৰ্তমান নামি আহিছে কাল অমানিশা । বনাঞ্চল আৰু বন্যপ্ৰাণীক সুৰক্ষা দিয়াৰ পৰিৱৰ্তে দিহিং পাটকাই বৰ্ষাৰণ্য খনত কয়লাৰ মুক্ত খননৰ সিদ্ধান্ত লৈছে চৰকাৰে । যি সময়ত সমগ্ৰ বিশ্বতে কৰণা মহামাৰীয়ে ত্রাসৰ সৃষ্টি কৰিছে সেই সময়তে বন আৰু পৰিৱেশ মন্ত্ৰালয়ে এই বৰ্ষাৰণ্য খনত কয়লাৰ খনন কাৰ্য্য কৰিবলৈ যি সমূহ যাৱতীয় ব্যৱস্থাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। বন আৰু পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ নেচনেল বৰ্ড ফৰ ৱাইল্ড লাইফে এই কয়লা খননৰ বাবে প্ৰয়োজনীয় অনুমোদন আগবঢ়াইছে । এই লকডাউণৰ সময়তে যোৱা ৭ এপ্ৰিলত অনুষ্ঠিত হোৱা নেচনেল বৰ্ড ফৰ ৱাইল্ড লাইফৰ বৈঠকত উক্ত বৰ্ষাৰণ্য খনত খনন কাৰ্য্য চলাবলৈ অনুমোদন দিয়া হৈছিল । সেই মৰ্মে ক’ল ইণ্ডিয়া লিমিটেডৰ অধীনৰ সংস্থা নৰ্থ ইষ্টাৰ্ণ ক’লফিল্ডক দিহিং পাটকাই বনাঞ্চলৰ অন্তৰ্গত চালেকি অংশত ৯৮.৫৯ হেক্টৰ মাটিত খনন কাৰ্য্য চলাবলৈ অনুমতি প্ৰদান কৰে ।যাৰ ফলস্বৰূপে বনাঞ্চলখনৰ ৩৭.২০হেক্টৰ এলেকাত বৰ্তমানেও কয়লাৰ মুক্ত খনন কাৰ্য্য চলি আছে ।বন আৰু বন্যপ্রাণীয়ে অসমৰ সৌন্দর্য ,সেই সময়তে চৰকাৰৰ এনে সিদ্ধান্তক একাংশ দল সংগঠনৰ লগতে ছাত্ৰ সমাজে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৷ কয়লাৰ এনে অবৈধ খননে প্ৰাকৃতিক ভাৱে বৈচিত্ৰ্যময় অঞ্চলটোৰ পৰিৱেশৰ প্ৰতিও ভাবুকি আনাৰ লগতে গোটেই অবৈধ কয়লা খনন প্ৰক্ৰিয়াটোৱে পৰিৱেশতন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব। দিহিং পাতকাই  ইয়াৰ ফলত তাৰ সেউজ পৰিৱেশ হেৰুৱাব লগা হেৰুৱাব ।এনেদৰেই যদি পৰিৱেশ বিনষ্ট হ’য় তেন্তে   পৰিস্থিতি তন্ত্ৰত থকা জীৱসমূহৰ ওপৰত প্ৰতিকূলৰ প্ৰভাৱ পৰিব। ইয়াৰ ফলত কিছুমান প্ৰজাতি বিলুপ্ত হ’ব পাৰে, কিছুমান প্ৰজাতি লুপ্তপ্ৰায় হ’ব পাৰে আৰু কিছুমান স্পৰ্শকাতৰ হৈ পৰাৰ সম্ভাৱনা আছে ।এনেদৰেই যদি কয়লা খনন চলি থাকে তেতিয়া হলে সমগ্ৰ অঞ্চলটো ৰ জৈৱ বৈচিত্ৰৰ প্ৰতি ভাবুকি আহি পৰিব । দিহিং পাটকাইত হৈ থকা কয়লা খননৰ ফলত বৰ্ষাৰণ্য খনত থকা নানা বিধ চৰাই চিৰিকটি, বিৰল প্ৰজাতিৰ সৰীসৃপ, গছ লতিকাৰ লগতে বিভিন্ন প্ৰজাতিৰ উদ্ভিদ জীৱ জন্তুৰ সমুহৰ জীৱনলৈ নামি আহিছে তীব্ৰ সংকট । যদি সময় থাকোতেই বিপন্ন প্ৰজাতিৰ এই উদ্ভিদ আৰু প্ৰাণীবোৰ উপযুক্তভাৱে সংৰক্ষণ নকৰো তেন্তে সেইবোৰ সময়ৰ গৰাহত এদিন লুপ্ত হৈ যাব।সেয়ে ‘পূবৰ আমাজান’ তথা ভাৰতৰ সৰ্ববৃহৎ ক্ৰান্তীয় বৰ্ষাৰণ্য হিচাপে পৰিগণিত হোৱা দিহিং পাটকাই বৰ্ষাৰণ্যখনক বচোৱাৰ স্বাৰ্থত এই লকডাউণৰ সময়তো সামাজিক মাধ্যমৰ জৰিয়তে তীব্ৰ বিৰোধিতা কৰিছে ছাত্ৰ সমাজে । 
‘আমাৰ প্ৰকৃতি ,আমাৰ দায়িত্ব ”আমি দিহিং পাটকাইৰ লগত আছো ‘ এনেধৰণৰ শ্লোগান দিয়ে ছছিয়েল মিডিয়াৰ জৰিয়তে একাংশই চলাই গৈছে প্ৰতিবাদ ।


ফোন নং : – ৯৭০৬৬৯৩৯৮৬

Leave A Reply