Breaking

দিহিং পাটকাইক ধ্বংস নকৰিব…

0 819

✍ জ্যোতিপ্ৰকাশ বড়ো

দিহিং পাটকাই এনে এক বনাঞ্চল যিটো অঞ্চল বিখ্যাত ভাৰত-ম্যানমাৰ জৈৱ-বৈচিত্ৰ হটস্পটৰ অন্তৰ্গত। এই সাত-আঠশ বৰ্গ কিলোমিটাৰৰ বৃহৎ বনাঞ্চল জৈৱ-বৈচিত্ৰৰে পৰিপূৰ্ণ। দিহিং পাটকাই কেৱল অসমৰে নহয়,সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰে হাওঁফাওঁ স্বৰূপ। ইয়াৰ গভীৰতাৰ বাবে ইয়াক “পূৱৰ আমাজান” বুলিও কয়। ইয়াৰ জৈৱ-বৈচিত্ৰৰ ফালে চালে দেখিবলৈ পোৱা যায় জাকত জিলিকা উদ্ভিদকুল আৰু প্ৰাণীকুলেৰে সমৃদ্ধ এখন শক্তিশালী বনাঞ্চল। কেইবাটাও প্ৰজাতিৰ বান্দৰ এই অভয়াৰণ্যৰ বৈশিষ্ট। ইয়াৰোপৰি বহু প্ৰজাতিৰ তৰু-তৃণ, অৰ্কিডৰ বাবেও দিহিং পাটকাই আকৰ্ষণীয় আৰু বিখ্যাত। উল্লেখযোগ্য যে দিহিং পাটকাই হস্তী সংৰক্ষিত বনাঞ্চলত পূৰ্বৰে পৰা কয়লা খনন অব্যাহত আছে। এন.বি.ডব্লিউ.এলে অতিৰিক্ত এক বৃহৎ এলেকাত খনন চলোৱাৰ বাবে অনুমতি দিয়াৰ ফলত জৈৱ-বৈচিত্ৰৰ বাবে সংৰক্ষিত এই বনাঞ্চল ভয়ংকৰ ভাবুকিৰ সন্মুখীন হৈছে। মন কৰিবলগীয়া যে পৰিৱেশ প্ৰকৃতিৰ উন্নয়নৰ কথা কৈ থকা কেন্দ্ৰীয় চৰকাৰখনে এতিয়া জৈৱ-বৈচিত্ৰৰে ভৰপূৰ দিহিং পাটকাইৰ চহকী পৰিৱেশক আওকাণ কৰিছে আৰু বিপৰীতে বৰ্ষাৰণ্যখনত থকা কয়লাক অধিক প্ৰাধান্য দিছে। কিন্তু কয়লা খননৰ দৰে প্ৰকৃতিবিৰোধী কাৰ্য্যই এতিয়া দিহিং পাটকাইৰ প্ৰাকৃতিক পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাই সম্পূৰ্ণ ৰেহ-ৰূপ সলনি কৰি পেলাব ইয়াত কোনো সন্দেহ নাই। হাতীৰ বিচৰণস্থলীসমূহত কয়লা খননৰ ফলশ্ৰুতিত নিশ্চয়কৈ প্ৰভাৱ পৰিব। যাৰ বাবে দিহিং পাটকাইৰ চৌপাশে বসবাস কৰি থকা লোক আৰু হাতীৰ মাজত সংঘৰ্ষ হব। কয়লা খননে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জলবায়ুৰ পৰিৱৰ্তনত প্ৰভাৱ পেলাই আহিছে। বায়ু প্ৰদূষণৰ লগে লগে তাত থকা ভিন্ন প্ৰজাতিৰ পখিলা, চৰাই আদি মৃত্যুমুখত পৰিব, জীৱ-জন্তুবোৰে দিহিং পাটকাই এৰি জনাঞ্চললৈ ওলাই আহিবলৈ বাধ্য হ’ব। কিন্তু অতি সম্প্ৰতি চৰকাৰী অনুমতি অথবা পৰোক্ষ পৃষ্ঠপোষকতাত প্ৰকৃতি ধ্বংস যজ্ঞত উঠি পৰি লাগিছে এচাম স্বাৰ্থন্বেষী মহল, চিণ্ডিকেট চক্ৰ। খনিজ,বনজ আৰু জৈৱ-বৈচিত্ৰৰে ভৰপূৰ অসমৰ প্ৰাকৃতিক সম্পদৰাজিৰ ওপৰত থকা লোভৰ দৃষ্টিয়ে এফালৰ পৰা গ্ৰাস কৰি আনিছে আমাৰ পৰিৱেশ, অৰ্থনীতি। দিহিং পাটকাইৰ অন্তৰ্গত অবৈধ খনন আৰু বন ধ্বংসৰ বিৰুদ্ধে ৰাজ্যজুৰি এক শীতল প্ৰতিবাদী আন্দোলন আৰম্ভ হৈছে। চৰকাৰী বিধি ব্যৱস্থাৰ বিৰুদ্ধে দিহিং পাটকাই সংৰক্ষণৰ বাবে তৎপৰ হ’বলগা হৈছে প্ৰকৃতি তথা অসমপ্ৰেমী ৰাইজ। সৰ্বত্ৰ চৰ্চাৰ বিষয়বস্তু হৈছে দিহিং পাটকাইৰ ওপৰত চলা ধ্বংস যজ্ঞ, জৈৱজগতৰ ওপৰত পৰা প্ৰভাৱ। সেয়েহে চৰকাৰে এই পৰিকল্পনাক শীঘ্ৰে প্ৰতিহত কৰি বৃহত্তৰ দিহিং পাটকাইক সুৰক্ষা প্ৰদান কৰক। নহ’লে প্ৰকৃতিয়ে মানৱক কোনোকালে ক্ষমা নকৰিব।

Leave A Reply