Breaking

দুমুনিচকী-কুৰুৱা পথৰ জৰাজীৰ্ণ অৱস্থা।গ্ৰাম্য পথে জলাকলা খুৱাইছে পথচাৰীক।

0 667

দৰং জিলাৰ লোকনিৰ্মাণ বিভাগৰ ছিপাঝাৰ সমষ্টিৰ  অন্তৰ্গত দুমুনিচকী-কুৰুৱা পথ জৰাজীৰ্ণ  অৱস্থা। গ্ৰাম্য পথে জলাকলা খুৱাইছে পথচাৰীক ।চহৰীয়া পাৰা মন্দিৰৰ সন্মুখ অংশ ,হেটামতোলা জামে মজিদৰ সমীপৰ লগতে কেইবাটাও অংশত  এজাক বৰষুণ দিলেই  পানীত পুখুৰী গাঁত সদৃশ হৈ পৰে । কিন্তু বিগত সময়ত পথছোৱাৰ কোনো মেৰামতি নকৰাৰ ফলত সম্প্ৰতি পথছোৱা অধিক জৰাজীৰ্ণ হৈ যাতায়াতৰ অনুপযোগী হৈ পৰিছে । বাৰিষাৰ আগমনৰ লগে লগে পথছোৱা অধিক জৰাজীৰ্ণ হৈ পৰে । ইয়াৰ ফলত উক্ত গুৰুত্বপূৰ্ণ ব্যৱসায়ী পথছোৱাৰে যাতায়াত কৰা ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে । উল্লেখ্য যে বিগত বিধান সভাৰ নিৰ্বাচনৰ আগে আগে ফ্ৰেব্ৰুৱাৰী মাহত  ছিপাঝাৰ সমষ্টিৰ তদানীন্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়া পথছোৱা  নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল যদিও  উক্ত ভগ্ন প্ৰায় পথছোৱাৰ আজিলৈ নিৰ্মাণ কাৰ্যৰ কোনো অগ্ৰগতি নহল । এই বাবেই  বাঁহগড়া, গনেশকুঁৱৰী, খলিহৈ, কুৰুৱা শিক্ষাৰ্থী তথা ব্যৱসায়ী সকলক জলাকলা খুৱাইছে ।  ইফালে লোক নিৰ্মাণ বিভাগৰ দায়িত্ববাহী ঠিকাদাৰ লগতে বিভাগীয় বিষয়া সকলৰ সোপাধিলা কামৰ ফলত দুমুনিচকী-কুৰুৱা পথত খলিহৈ মেডিকেল চ’কলৈ   ২৩ টাত কৈ অধীক স্পীড বেকাৰ দিয়াৰ বাবে কেইবাটাও সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈছে । উক্ত জৰাজীৰ্ণ গ্ৰাম্য পথৰ তৎকালি সু ব্যৱস্থা কৰিবলৈ এই ক্ষেত্ৰত বিভাগীয় মন্ত্ৰী তথা মুখ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে আঞ্চলিক ৰাইজে ।

Leave A Reply