Breaking

বৰপথাৰ প্ৰাথমিক পশু চিকিৎসা কেন্দ্ৰৰ আৱাস গৃহৰ জৰাজীৰ্ণ ৰূপ

0 2,057

গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ  বৃহত্তৰ বৰপথাৰ বাসীৰ পশুধনৰ  উৎপাদন, সংৰক্ষণ,  চিকিৎসা আদি বিভিন্ন বিষয়ৰ  একমাত্ৰ আশা ভৰসাৰ স্থলী হৈছে  বৰপথাৰ প্ৰাথমিক পশু চিকিৎসা কেন্দ্ৰ। এই কেন্দ্ৰটিৰ ওপৰতেই নিৰ্ভৰ কৰি বৰপথাৰ মৌজাৰ শ শ কৃষকে কৃত্ৰিম গো প্ৰজননেৰে উন্নত প্ৰজাতিৰ গো উৎপাদন কৰি উপকৃত হৈছে। অকল সেইয়াই নহয় বহু নিৱনুবা যুৱক-যুৱতীয়ে এই পশু চিকিৎসা কেন্দ্ৰটিক সমল হিচাপে লৈ গাহৰি  ফাৰ্ম,  ছাগলী ফাৰ্ম,  মাছ, মাংস,  কণী,  গাখীৰ, হাঁহ-কুকুৰা, আদি উৎপাদনৰ জৰিয়তে  স্বাৱলম্বী হবলৈ সক্ষম হৈছে।  কিন্তু  পঞ্চাশ বছৰৰো অধিক পুৰণি এই চিকিৎসা কেন্দ্ৰটিৰ প্ৰতি যেন  এতিয়া কাণসাৰ নাই বিভাগীয় কৰ্ত্তৃপক্ষৰ। অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ দৰে এটা অতিকে গুৰুত্বপূৰ্ণ বিভাগৰ  হেমাহিতে এতিয়া  জহি  খহি গৈছে পশু চিকিৎসা কেন্দ্ৰটিৰ আৱাস গৃহ  । আজিৰ পৰা পঞ্চাশ বছৰৰ পূৰ্বেই নিৰ্মিত চিকিৎসা কেন্দ্ৰটিৰ গৃহটোৱে বৰ্তমান লৈছে জৰাজীৰ্ণ ৰূপ।দুৱাৰ, খিৰিকী বিলাক বহু বছৰ পুৰণি হোৱাত ভাঙি যোৱা দেখা গৈছে  । আনহাতে পকী বেৰবিলাকৰ ইটাৰ গাঁথনি বিভিন্ন ঠাইত ভাঙি ইটাবিলাক খহি পৰিছে। বহু  পুৰণি টিন পাত বিলাকো মামেৰ ধৰি উৱলি যোৱাত  য’তে ত’তে ফুটা উলাই পৰিছে আৰু অকণমান  বৰষুণ দিলেই পানী পৰে ।

আনহাতে কেন্দ্ৰটোৰ  পিছফালৰ এটি কোঠাৰ টিন পাত বিলাক  মামৰে ধৰি উৱলি যোৱাত  টিন  নোহোৱাকৈয়ে উন্মুক্ত অৱস্থাতে আছে কোঠাতো । উল্লেখযোগ্য যে পশু চিকিৎসা কেন্দ্ৰটিৰ দুৱাৰ খিৰিকী বিলাক সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰাত চিকিৎসা কেন্দ্ৰটিৰ বিভিন্ন  নথি পত্ৰ বিলাকো নিৰাপত্তা বিহীন ভাবে মুকলিকৈ  ৰাখিব লগা হৈছে। প্ৰত্যেক বছৰেই চৰকাৰী বিভাগসমূহৰ আৱাস গৃহৰ মেৰামতি আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে বৃহৎ  পুঁজি আৱন্তিত হয় যদিও বৰপথাৰৰ প্ৰাথমিক পশু চিকিৎসা কেন্দ্ৰটিৰ  মেৰামতি আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে আজিকোপতি কৃতপক্ষৰ গা নলৰাত কেন্দ্ৰটি এতিয়া ধ্বংসৰ দিশে গতি কৰিছে। এনেকৈ থাকিলে আৰু কিছু দিনৰ পিছত কেন্দ্ৰটি মেৰামতি কৰাতো অসম্ভৱ হৈ পৰিব।     আনহাতে বৰ্তমানলৈকে কেন্দ্ৰটোত নাই এজনো চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী । চিকিৎসা কেন্দ্ৰটিৰ লগতে থকা কৃত্ৰিম গো-প্ৰজনন সেৱা আৰু পশুধনৰ চিকিৎসা সেৱা কেৱল  মাত্ৰ এজন ক্ষেত্ৰ সহায়কে চলাই থাকিব লগা হৈছে ।  আচৰিত কথা যেযোৱা  এটা বছৰেই হেনো ঔষধৰ যোগানো ধৰা নাই চৰকাৰে।যি সময়ত অসম  চৰকাৰে পশুধনৰ স্বাৰ্থত শেহতীয়াকৈ আইন প্ৰণয়ন কৰিছে তেনে সময়তে বৃহত্তৰ বৰপথাৰ মৌজাৰ পশু চিকিৎসা কেন্দ্ৰটিৰ আৱাস গৃহৰ তথৈবচ অৱস্থাই বিভাগীয় কৃতপক্ষৰ হেমাহি আৰু দুৰ্বলতাকে উদঙাই দিছে।এইক্ষেত্ৰত সচেতন মহলে স্থানীয় বিধায়ক গৰাকীৰ তৎপৰতা আশা কৰিছে।

Leave A Reply