Breaking

নলবাৰীৰ অসম গণ পৰিষদৰ যুৱ নেতা দিলীপ কুমাৰ দাসক কেন্দ্ৰীয় সমিতিৰ সম্পাদক হিচাপে নিযুক্ত,উৎফুল্লিত নলবাৰীবাসী

0 50

বিগত বছৰ বছৰ ধৰি অগপ দলৰ হৈ নিস্বাৰ্থকৈ সক্ৰিয় ভাৱে ৰাইজক সেৱা কৰি অহা দিলীপ কুমাৰ দাসক দায়িত্ব প্ৰদান অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ।

অসম গণ পৰিষদ দলৰ সাংগঠনিক ভেটি মজবুত কৰিবলৈ অগপ দলৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অতুল বৰাই নলবাৰীৰ যুৱ নেতা দিলীপ কুমাৰ দাসক কেন্দ্ৰীয় সমিতিৰ সম্পাদকৰ দায়িত্ব দি এখন চিঠি প্ৰদান কৰি শীৰ্ঘেই দলৰ দায়িত্ব লবলৈ আহ্বান জনায়।

কেন্দ্ৰীয় সমিতিৰ এই সিদ্ধান্তক  নলবাৰী জিলা সমিতিৰ লগতে অগপৰ তৃণমূল পৰ্য্যায়ৰ কৰ্মী সকলে সন্তোষ প্ৰকাশ কৰিছে। অসম গণ পৰিষদ দ’লৰ জন্মলগ্নৰ পৰা তৃণমূল পৰ্য্যায়ত লাগি থকা বিশিষ্ট সমাজকৰ্মী যমুনা দাসৰ পুত্ৰ তথা নলবাৰীৰ সমাজ জীৱনৰ চিনাকি নাম দিলীপ কুমাৰ দাসেও বিভিন্ন ঘাট প্ৰতিঘাটৰ মাজতে অগপ দলটোক দীৰ্ঘদিন ধৰি সেৱা কৰি আহিছে।

নলবাৰী জিলাত পূৰ্বৰ অগপৰ ভেটি শক্তিশালী কৰিবলৈ দিলীপ কুমাৰ দাসক সম্পাদকৰ দায়িত্ব অৰ্পণ কৰাত তাৎপৰ্য হিচাপে পৰিগণিত হৈছে। উল্লেখ্য যে প্ৰয়াত নগেন শৰ্মা অগপ দলৰ নলবাৰী জিলাৰ পৰা প্ৰতিষ্ঠাপক সম্পাদক হোৱাৰ পাছত দ্বিতীয় বাৰৰ বাবে দিলীপ কুমাৰ দাসক কেন্দ্ৰীয় সমিতিয়ে সম্পাদক নিযুক্ত কৰিলে।

আনহাতে সম্পাদকৰ দায়িত্ব অৰ্পণ কৰাত দিলীপ কুমাৰ দাসে অগপ দলৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, কেন্দ্ৰীয় নেতা ফণীভূষণ চৌধুৰী, সাধাৰণ সম্পাদক দ্বয় মনোজ কুমাৰ শইকীয়া আৰু ভূপেন ৰয়ক ধন্যবাদ তথা কৃতজ্ঞতা প্ৰকাশ কৰে।

Leave A Reply