Breaking

ডিমাকুছিত বিজেপিৰ যুব মৰ্চাৰ বিশেষ সভা

0 1,030

৩০ডিচেম্বৰত ডিমাকুছি’ৰ  ওদালগুৰি জিলাৰ বৰঙাজুলী সত্ৰ সমন্বয়ৰ প্ৰতীক তথা সত্ৰাধিকাৰ ভকত শিৰোমণি বৰঙাজুলী সত্ৰৰ সত্ৰাধিকাৰ ভকত শিৰোমণি প্ৰভূ হৰেকৃষ্ণ মহন্ত বাপজনাই গড় দিয়া সত্ৰত ওদালগুৰি জিলাৰ বিজেপিৰ কৰ্মকৰ্তা সকলে সেৱা জনায় ৷ সেই দিনাই ডিমাকুছিৰ পৰিদৰ্শন বাংলাত ভাৰতীয় জনতা  যুৱ-মৰ্চা ওদালগুৰি জিলা সমিতিৰ প্ৰথমখন বিষয়ববীয়া সভা অনুষ্ঠিত হয় ৷উক্ত বিষয়ববীয়া সভাত বন্তি প্ৰজলন কৰি সভা খন আত ধৰে যুৱ মৰ্চাৰ জিলাৰ সাধাৰণ সম্পাদকদ্বয় জয়ন্ত কুমাৰ চক্ৰৱৰ্তী,কুশল বড়ো দেবে ,ভাৰত মাতৃ বন্দনা,  চিনাকি পৰিচয় পিছতেই আদৰনি ভাষণ দাঙি ধৰে  ৷ওদালগুৰি জিলা যুৱ মৰ্চাৰ সভাপতি  সমৰ হাজৰিকাই উক্ত আদৰনি ভাষনত উপস্থিত থকা সকলোকে সম্বোধন কৰি কয় যে যুৱ শক্তি ৰাষ্ট্ৰ শক্তি আৰু এই যুৱ শক্তিয়ে যেতিয়া একত্ৰিত হৈ আগবাঢ়ে তেতিয়া কৰিব নোৱাৰা কাম একোৱেই নাথাকে,৷

যি বাটেৰে যুৱ মৰ্চাই আগুৱাই যাব সেই বাটেৰেই উন্নয়ন হব লাগিব, ওদালগুৰি  দৰে  জিলা এখনত আগোন্তক আহি থকা সময়ত সকলো যুৱ মৰ্চাৰ কাৰ্য্যকৰ্তাই একত্ৰিত হৈ জিলা খনত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী,ভাষা ভাষী, ধৰ্ম ধৰ্মাৱলম্বী সকলোকে একত্ৰিত কৰি সমন্বয়ৰ এনাজৰীৰে আগন্তক দিনত সমাজৰ লগতে বিজেপি দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰি যাব লাগিব বুলি কয় আৰু লগতে কয় প্ৰতিজন নিষ্ঠাবান যুৱ-মৰ্চাৰ কাৰ্য্যকৰ্তা’ক নিজৰ আত্ম বিশ্বাসেৰে ,সততাৰে, সাহসেৰে, আগন্তক দিনত যুৱ মৰ্চাই যিকোনো পৰিস্থিতিৰ সন্মুখীন হৈ দলটোৰ ভবিষ্যত হিচাপে আৰু দলৰ লগতে সমাজৰ সেৱা কৰি যাব লাগিব বুলি কয়!  উক্ত সভাত উপস্থিত থাকে ওদালগুৰি জিলা বিজেপিৰ সভাপতি সুনিল কুমাৰ বসুমতাৰী , উপস্থিত থাকে ৰাজ্যিক যুৱ-মৰ্চা সম্পাদক তথা  ওদালগুৰি জিলা যুৱ মৰ্চাৰ  প্ৰভাৰী বিশ্বজিত হাজৰিকা, উপস্থিত থাকে জিলাৰ সাধাৰণ সম্পাদক বলেন ব্ৰহ্ম, বিজেপি জিলাৰ সম্পাদক যুৱ নেতা তথা গৃহ জিলাৰ প্ৰভাৰী  জৌচ্যাং বড়ো, ৰাজ্যিক যুৱমৰ্চাৰ দায়িত্বত থকা দ্বীপ জোতি ডেকা, ধ্ৰুৱজ্যোতি শৰ্মা , ওদালগুৰি জিলাৰ মহিলা মৰ্চাৰ জনপ্ৰিয় সভানেত্ৰী অৰ্পণা মেধি ৷

বিজেপিৰ সক্ৰিয় কাৰ্যকৰ্তা মিন্টু নাথ, ৰঞ্জন ডেকা,জিলাৰ যুৱ মৰ্চাৰ নতুন সমিতিত দায়িত্ব পোৱা বিষয়ববিয়া নিপজ্যোতি বৰুৱা, ডিগেন ৰোদ্ৰ কোছ,অনুপমা চহৰীয়া, সৰলা দাস,ৰত্নেশ্বৰ ৰাভা, নৱজিত দাস,ৰাতুল দাস,দ্বীপ জ্যোতি শৰ্মা, কুলজিত দাস,পাৰ্থ সেন,বিটু প্ৰসাদ , লোহিত কুমাৰ ডেকা, বিশ্বজিৎত তান্তি,ৰ লগতে ভেৰগাৱ মণ্ডল যুৱ মৰ্চাৰ সভাপতি উপস্থিত থাকি সহায় সহযোগিতা কৰে ৷

Leave A Reply