Breaking

ডিমৌত স্বচ্ছতাৰ বাবে এটা দিন শীর্ষক কাৰ্যসূচীত ৰাইজৰ স্বইচ্ছাই সহযোগিতা কৰিবলৈ আহ্বান ডিমৌ পৌৰসভাৰ

0 74

এক অক্টোবৰত স্বচ্ছতাৰ বাবে শীর্ষক এটা দিন ৰাইজৰ স্ব-ইচ্ছাই সহযোগিতা কামনা কৰি শনিবাৰে ডিমৌ পৌৰসভা কাৰ্যালয়ত এখন সংবাদ মেল অনুষ্ঠিত হয়।

ডিমৌ পৌৰসভাৰ কাৰ্যবাহী বিষয়া কংকনা শইকীয়া আৰু ডিমৌ পৌৰসভাৰ পৌৰপতি পল্লবিতা গগৈয়ে সংবাদ মেল সম্বোধন কৰি কয় যে এক অক্টোবৰ দিনটো এক দিন, এক ঘণ্টা, একেলগে স্বচ্ছতাৰ বাবে কাম কৰো শীর্ষক কাৰ্যসূচীত ৰাইজৰ স্ব-ইচ্ছাই সহযোগিতা কামনা কৰে।

পুৱা ১০ বজাৰ পৰা ১১ বজালৈকে অনুষ্ঠিত হবলগীয়া কাৰ্যসূচীত ডিমৌ পৌৰ সভাৰ দহটা ৱাৰ্ডতে লোৱা হয়। ইতিমধ্যে ডিমৌ পৌৰসভাই যোৱা কেইটা দিন ৱাৰ্ডে ৱাৰ্ডে নিজাববীয়াকৈ শ্ৰমদান কাৰ্যসূচী হাতত লৈ আহিছে।

আনহাতে ডিমৌ পৌৰসভা এলেকাত অমৃত কলহ যাত্রা ইতিমধ্যে শেষ হোৱা বুলিও কয়। আনহাতে ডিমৌ পৌৰসভাৰ বহুকেইটা সমস্যাৰ সন্দৰ্ভত ডিমৌ সংবাদকৰ্মী সকলে কাৰ্যবাহী বিষয়া কংকনা শইকীয়া আৰু পৌৰপতি পল্লবিতা গগৈক অৱগত কৰি ইয়াৰ স্থায়ী সমাধানৰ পদক্ষেপ লবলৈ আহ্বান জনায়।

বিশেষকৈ ডিমৌ চাৰিআলিৰ নিতাই বৰবৰুৱা পথৰ সন্মুখভাগত প্ৰায়ে হোৱা ব্যাপক যান-যতৰ সমস্যা। পথছোৱা সন্মুখভাগ চৰকাৰী নীতি নিয়ম অনুযায়ী বহল কৰা আদি বিষয়বোৰ স্থায়ী সমাধান কৰাৰ বাবে কৰা আহ্বানৰ প্ৰতি বিষয়াগৰাকী আৰু পৌৰপতি সহাৰি জনায়।

Leave A Reply