Breaking

ডিমৌ ক্ৰীড়া সন্থাৰ ফুটবল লীগ শুভাৰম্ভ, ডিমৌ কচিং চেণ্টাৰৰ জয়

0 68

ডিমৌ উপ:ক্ৰীড়া সন্থাৰ তত্বাবধানত বৃহস্পতি বাৰৰ পৰা ডিমৌ ৰাইচাই গ্ৰাম্য ক্ৰীড়াঙ্গনত অনুষ্ঠিত হৈছে আন্ত ক্লাৱ ফুটবল লীগ।

প্ৰথম দিনাৰ উদ্ধোধনী খেলখনত ডিমৌ কচিং চেণ্টাৰে আঠাবাৰী এফচিক ৩-২ গলৰ ব্যৱধানত পৰাস্ত কৰে।

খেলখন শুভ উদ্ধোধন কৰে শিৱসাগৰ জিলা ক্ৰীড়া সন্থাৰ সম্পাদক মনুজ ভাগৱতীয়ে।

ডিমৌ উপ ক্ৰীড়া সন্থাৰ পঞ্জীয়ন ভূক্ত মুঠ ক্লাৱে অংশগ্রহণ কৰা আন্ত ক্লাৱ ফুটবল লীগৰ দ্বিতীয় দিনা দিনৰ ১-৩০ বজাৰ পৰা দুখন খেল অনুষ্ঠিত হ’ব।

প্রথম খেল কলিয়াপানী এফচি বনাম ৰূপজ্যোতি এফচি মাজত, দ্বিতীয় খন ৰজাবাৰী এফচি বনাম কৌৱত্যদলনী এফচিৰ মাজত অনুষ্ঠিত হ’ব।

Leave A Reply