Breaking

ডিমৌ পৌৰসভাৰ ১০ টা ৱাৰ্ড বিজেপি,অগপ মিত্ৰজোঁটৰ দখলত….

0 2,056

অৱশেষত ডিমৌবাসীয়ে লাভ কৰিব এখন পূৰ্ণাঙ্গ পৌৰসভা।২০১২ বৰ্ষতে ঘোষিত হোৱা আৰু ২০১৩ চনত প্ৰস্তাৱ গ্রহণ কৰা দিনৰে পৰা ডিমৌ নগৰৰ পৰা পৌৰসভা পৰ্যন্ত হ’ল কিন্তু আজি পৰ্যন্ত ডিমৌবাসীয়ে লাভ কৰিবলৈ সক্ষম হোৱা নাছিল এখন পূৰ্ণাঙ্গ সমিতি। যাৰ ফলত পৌৰসভাখন কাৰ্যবাহী বিষয়াৰ নেতৃত্বত চলি আহিছিলে যদিও পৌৰসভাখন উন্নয়নত যথেষ্ট পৰিমাণে স্হবিৰতা অহা পৰিলক্ষিত হৈছিল। এখন পূৰ্ণাঙ্গ পৌৰসভা ডিমৌত নথকাৰ বাবে ডিমৌবাসীয়ে বিভিন্ন উন্নয়ন মুলক কামৰ লগতে সুদীর্ঘ দিন এটুপি বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈ দুৰ্ভোগ ভূগ কৰি আহিছে। ইয়াৰ মাজতে ডিমৌ পৌৰসভাখন এইবাৰ পূৰ্ণাঙ্গ ৰূপত লাভ কৰিছে বিজেপি আৰু অগপ মিত্ৰজোঁটে। আজি ঘোষণা কৰা পৌৰসভা নিৰ্বাচনৰ ফলাফলত ডিমৌৰ পৌৰ এলেকাৰ ১০ ৱাৰ্ডৰ ৮ টা ভাৰতীয় জনতা পাৰ্টিয়ে আৰু ২ টা অসম গণ পৰিষদ  দলে দখল কৰিছে। পুৱাৰ ভাগতে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ লগে লগে ডিমৌত বিজেপি এজিপি কৰ্মীৰ ব্যাপক আনন্দ  উল্লাহ দেখা পৰিলক্ষিত হয়।পুৱাৰ ভাগত ভোট গণনা হোৱাৰে পৰা ডিমৌ পৌৰসভাৰ মুঠ ১০ টা ৱাৰ্ডতে বিজেপি অগপ অগ্রগতি লাভ কৰি  ৮ টা ৱাৰ্ডত বিজেপি দলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰাৰ বিপৰীতে ২ টা ৱাৰ্ডত বিজেপি মিত্ৰজোঁট অগপ দলৰ প্ৰাৰ্থীয়ে বিজয়ী হয়।

যাৰ ফলত ডিমৌ পৌৰসভা নিৰ্বাচনত বিৰোধী কংগ্ৰেছ দল শূণ্য হৈ পৰাৰ বিপৰীতে এক নম্বৰ ৱাৰ্ডৰ অগপ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈ তীব্র প্ৰত্যাবান জনায় নিৰ্দলীয় প্ৰাৰ্থী প্ৰাণদিপ নেওঁগে আৰু সাঁত নম্বৰ ৱাৰ্ডৰ অগপ দলৰ প্ৰাৰ্থী ৰাজু বৰগোহাঁইয়ে নিৰ্দলীয় প্ৰাৰ্থী জিনুমণি গগৈয়ে প্ৰৱল প্ৰতিদ্বন্দিতাৰে দ্বিতীয় স্থানত থাকি কংগ্ৰেছ দলক তৃতীয় স্থানলৈ অৱনমিত কৰিবলৈ সক্ষম হ’ল।অন্যহাতে ডিমৌ পৌৰ সভাৰ ১ নং ৱাৰ্ডৰ বিজেপি মিত্রদল  অগপ প্ৰাৰ্থী গৌৰৱ গগৈয়ে লাভ কৰে ২৩৮ আৰু নিৰ্দলীয় প্ৰাৰ্থী প্ৰাণদিপ নেওঁগে ২২০ লাভ কৰি ১৮ ভোটত পৰাস্ত হয়। ২ নং ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী নিজুমণি গগৈয়ে  ২৭১ লাভ কৰিছে আৰু কংগ্রেছৰ জিনটি গগৈয়ে ১৪৩ টা ভোট লাভ কৰি ১২৮ টা ভোটত পৰাস্ত হয়। ৩ নং ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী অৰূপ ফুকনে  ২২৩ লাভ কৰে আৰু কংগ্ৰেছৰ হাচনাৰা বেগমে ৯০  টা ভোট লাভ কৰি ১৩৩ টা ভোটত পৰাস্ত হয়। ৪ নং ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী প্ৰণৱ কলিতাই ১৯০ ভোট লাভ কৰে আৰু কংগ্ৰেছৰ চন্দনজ্যোতি ফুকনে ১২৮ টা ভোট লাভ কৰি ৬২ টা ভোটত পৰাস্ত হয়। ৫ নং ৱাৰ্ড বিজেপি গুনদা ৰাজখোৱা দুৱৰীয়ে ৩৬৪ টা ভোট লাভ কৰে আৰু কংগ্রেছৰ হীৰা দাসে ৯১ টা ভোট লাভ কৰি ২৭৩ টা ভোটত পৰাস্ত হয়। ৬ নং ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী অজিত বৰগোহাঁইয়ে ৩৭৭ লাভ কৰে আৰু নিৰ্দলীয় নন্দা চাংমাইয়ে ১১৭ টা লাভ কৰি  ২৬০ টা পৰাস্ত হয়। ৭ নং ৱাৰ্ড বিজেপি এজিপি মিত্ৰদলৰ প্ৰাৰ্থী ৰাজু বৰগোহাঁইয়ে লাভ কৰিছে ৮৮ ভোট আৰু নিৰ্দলীয় প্ৰাৰ্থী জিনুমণি গগৈয়ে ৭৫ টা ভোট লাভ কৰে যদিও ১৩ ভোটত পৰাস্ত হয়। ৮ নং ৱাৰ্ডৰ বিজেপি অনামিকা বৰা চেতিয়াই  ২৪৪ টা লাভ কৰে আৰু কংগ্রেছৰ  দিপশিখা গগৈয়ে ৯৪ টা ভোট লাভ কৰি ১৫০ টা ভোটত পৰাস্ত হয়।

৯ নং ৱাৰ্ডৰ বিজেপি আনন্দ মোহনে ২৫৬ টা ভোট লাভ কৰে আৰু কংগ্রেছৰ টিলক বৰুৱাই ৫৫ টা ভোট লাভ কৰি ২০১ টা ভোটত পৰাস্ত হয় আৰু ১০ নং ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী পল্লবিতা গগৈয়ে ২২৫ লাভ কৰে আৰু কংগ্রেছৰ ৰিতুমণি গগৈ গোহাঁইয়ে ৪৫ টা ভোট লাভ কৰি ১৮০ টা ভোটত পৰাস্ত হয়। আজি নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা পিছতে ডিমৌ বিজেপি অগপ মিত্রজোঁটৰ প্ৰাৰ্থী সকলে বিজয়ী প্ৰাৰ্থী সকলক লৈ এক বিশাল বিজয়ী শোভাযাত্রা বাহিৰ কৰি বিজেপি অগপ জয়ধ্বনী দি ডিমৌৰ ৰাজপথ উত্তাল কৰি তোলে আৰু জয়ী প্ৰাৰ্থী সকলক সমৰ্থক সকলে ফুলাম গামোচা ফুলৰ থুপাৰে উস্ম অভিনন্দন জযনায়।অন্যহাতে এইবাৰ ডিমৌ পৌৰসভাত প্ৰথম বাৰলৈ পৌৰপতি আসনখন অলংকৃত হব আৰু পৌৰপতি আসনখনলৈ বহুকেইগৰাকী জয়ী প্ৰাৰ্থীৰ মন।নিৰ্বাচনৰ ফলাফল উলোৱাৰ পূর্বে দুগৰাকী মহিলা নাম প্ৰায়ে উচ্চাৰিত হৈ আহিছিল বৰ্তমান দুয়ো গৰাকী জয়ী হৈ আহিছে তেনেস্হলত বিজেপি দলে আগন্তুক দিনকেইটাত কেনেধৰণৰ সিদ্ধান্ত গ্রহণ কৰে সেইয়া লক্ষ্যনীয় হব।

Leave A Reply