Breaking

দীননাথ কোঁৱৰ সংবাদজ্যোতি-নিৰ্মলা কোঁৱৰ কাব্যশ্ৰী বঁটা প্ৰদান দুই তৰুণক…

0 73


বিশিষ্ট কবি তথা প্ৰবীণ সাংবাদিক নগেন কোঁৱৰে চাৰিকুৰি বৰ্ষত ভৰি দিলে। এইলৈ সতীৰ্থ সংগম আৰু সৃষ্টি প্ৰকাশৰ উদ্যোগত এখনি সভা অনুষ্ঠিত কৰা হয়। গহপুৰ নগৰৰ ২ নং ৱাৰ্ডৰ সতীৰ্থ সংগম স্থলী তথা নগেন কোঁৱৰৰ বাসগৃহত যোৱা ২৩ নৱেম্বৰত দিনৰ ১১.৩০ বজাত ওপজা দিন পালন কৰা হয়। বিপুল কুমাৰ দিহিঙীয়াই আঁতধৰা সভাত নগেন কোঁৱৰৰ ‘বুৰঞ্জী-কৃষ্টি আৰু স্মৃতি’ উন্মোচন কৰে ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট লেখক ড০ অঞ্জন কুমাৰ ওজাই।

তেওঁ ভাষণ প্ৰসংগত গ্ৰন্থখনিৰ কেতবোৰ বিষয়ৰ ওপৰত বক্তব্য ৰাখে। সাতটি ভিন্ন বিষয়ক প্ৰবন্ধ-নিবন্ধ থূপাই সৃষ্টি প্ৰকাশে প্ৰকাশ কৰা গ্ৰন্থখনিত ‘ত্ৰয়োদশ শতিকাত অসমলৈ প্ৰব্ৰজিত তাই আহোমৰ ধৰ্ম’, ‘ভাষাৰ সংকট’, ‘লোকসংস্কৃতি বিহু আৰু ক্ৰমবিকাশ’, ‘আপুনিও এগৰাকী সাংবাদিক হ’ব বিচাৰে নেকি’, ‘বিহংগম দৃষ্টিত বিশ্বনাথৰ কবিতা’, ‘হাতেলিখা আলোচনী নৱৰূপা’ আৰু ‘যন্ত্ৰণাৰ সোণোৱালী মায়া’ শীৰ্ষক লেখাৰে সমৃদ্ধ বুলি উল্লেখ কৰি ড০ ওজাই নগেন কোঁৱৰ গহপুুুৰৰ অন্যতম এগৰাকী প্ৰথিতযশা সাহিত্যিক বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। কোঁৱৰ পৰিয়ালৰ জ্যেষ্ঠা যশোদা কোঁৱৰে তেওঁলোকৰ পিতৃ-মাতৃ প্ৰয়াত দীননাথ কোঁৱৰ আৰু নিৰ্মলা কোঁৱৰৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাৰে সুঁৱৰি বক্তব্য ৰাখে। বিশিষ্ট কবি নগেন কোঁৱৰে আদৰণী ভাষণ আগবঢ়োৱা সভাত ওপজা দিনৰ ওলগনি ভাষণ আগবঢ়াই ৰাজ্যিক কৃতী শিক্ষক তথা বিশিষ্ট কবি জগদীশ শৰ্মাই।

নগেন কোঁৱৰৰ এটি কবিতা আবৃত্তি কৰি অনুষ্ঠান জীপাল কৰি তোলে পিংকু বৰাই। সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বক্তব্য ৰাখে বিহপুৰীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক নৱ কুমাৰ দত্তই। বিশিষ্ট কবি-গীতিকাৰ তথা ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ দিগন্ত গোহাঞি, চাও চন্দন বৰুৱা, চন্দিকা দত্ত কোঁৱৰ, সবিতা কোঁৱৰ, তৰুণ বৰুৱাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে স্বৰচিত কবিতা পাঠ কৰি জন্মদিনৰ ওলগ জনায়। সভাতেই নগেন কোঁৱৰৰ পিতৃ দীননাথ কোঁৱৰ আৰু মাতৃ নিৰ্মলা কোঁৱৰৰ স্মৃতিত যোৱা বৰ্ষৰ পৰা প্ৰদান কৰি অহা দীননাথ কোঁৱৰ সংবাদজ্যোতি বঁটা আৰু নিৰ্মলা কোঁৱৰ কাব্যশ্ৰী বঁটা জিলাখনৰ দুই তৰুণক প্ৰদান কৰা হয়। দীননাথ কোঁৱৰ সংবাদজ্যোতি বঁটা-২২ লাভ কৰে সাংবাদিক পলাশ ফুকনে। ‘নিউজ-১৮ অসম নৰ্থ ইষ্ট’ চেনেলত ভালেসংখ্যক যোগাত্মক বাতৰি পৰিৱেশন কৰি চৰ্চা লাভ কৰা পলাশ ফুকনে সেই নিউজ চেনেলত ২০১৯ চনৰ পৰা সেৱা আগবঢ়াই আহিছে। ‘দৈনিক বাৰ্তা’ কাকতত হেলেমৰ পৰাও ২০১৭ চনৰ পৰা সেৱা আগবঢ়াই অহা পলাশ ফুকন এগৰাকী তৰুণ কবিও। ঠিক সেইদৰে ধেমাজিৰ জীয়ৰী অৰ্থাৎ গহপুুুৰ ধোপাবৰৰ বোৱাৰী মধুস্মিতা চমুৱা বৰুৱাকো ‘নিৰ্মলা কোঁৱৰ কাব্যশ্ৰী বঁটা-২২ অনুষ্ঠানতে প্ৰদান কৰা হয়। অসমৰ বিভিন্ন কাকত-আলোচনীত নিয়মীয়াকৈ কাব্য চৰ্চা কৰি অহা চমুৱা বৰুৱাৰ ইতিমধ্যে ‘মই কৃষক কন্যা’ শীৰ্ষক এখনি কাব্য সংকলন প্ৰকাশ পাইছে। সদৌ অসম কবি সন্মিলনৰ বিশ্বনাথ জিলা কবি সন্মিলন, বিশ্বনাথ জিলা সাহিত্য সভাৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ অহা মধুস্মিতা চমুৱা বৰুৱাই এখন ব্যক্তিগত বিদ্যালয়ত শিক্ষকতাৰে দৰে মহান কৰ্মত নিয়োজিত হৈ আহিছে।

বিশিষ্ট কবি নগেন কোঁৱৰক বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক নবীন সিঙে ফুলাম গামোচা আৰু লাচিত বৰফুকনৰ এখন প্ৰতিচ্ছবি অৰ্পণ কৰাৰ লগতে গহপুুুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুশীল কুমাৰ দত্ত, গহপুুুৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়া নমিতা বৰা, বিশিষ্ট লেখিকা তথা অবিভক্ত শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভানেত্ৰী লোকেশ্বৰী সন্দিকৈ, ভুৱন চন্দ্ৰ বৰা, জৱাহৰলাল মিলি, দিলীপ চাংমাই, অনিত শইকীয়া, ৰূপকোঁৱৰ মিলি, কুশল শৰ্মা, ভৰত বৰা, নিকুঞ্জ কোঁৱৰ মহন্ত, দেৱ বৰুৱা, পূৰৱী বৰুৱা, নৱজিৎ শইকীয়া, দীপ কুমাৰ শৰ্মা, বিশ্বজ্যোতি সেনাপতি, অমৰজ্যোতি বৰা, দীপা শইকীয়া, সুৰেন শৰ্মা, সংগীতা দিহিঙীয়া, নৱকান্ত দলেকে ধৰি ভালেসংখ্যক গুণমুগ্ধই ওপজা দিন কাৰ্যসূচীত উপস্থিত থাকি গ্ৰন্থৰ টোপোলা, ফুলাম গামোচা-চেলেং, সম্বৰ্ধনা পত্ৰ আদিৰে জন্মদিনৰ ওলগ, শুভেচ্ছা জ্ঞাপন কৰে। ওপজা দিনত নগেন কোঁৱৰৰ নাতি ভাস্কৰজ্যোতি দিহিঙীয়া, অৰ্ণৱজ্যোতি বৰা, লুইত দ্বীপন দিহিঙীয়া আৰু অনুপম কৰ্মকাৰে নৃত্য-গীত-কবিতা আবৃত্তি কৰি অনুষ্ঠান সজীৱ কৰি তোলে। উল্লেখ্য যে ইতিমধ্যে বিভিন্ন সন্মানেৰে সন্মানিত হোৱা বিশিষ্ট কবি তথা প্ৰবীণ সাংবাদিক নগেন কোঁৱৰৰ বাৰখন গ্ৰন্থ প্ৰকাশ পাইছে। ইয়াৰোপৰি তেওঁ বাৰখনতকৈও অধিক গ্ৰন্থ সম্পাদনা কৰিছে। ১৯৪৩ চনৰ ২৩ নৱেম্বৰত নগাঁৱত জন্মগ্ৰহণ কৰা কোঁৱৰে ১৯৬৮ চনত ‘অসম বাতৰি’ত স্থানীয় সাংবাদিক হিচাপেও সাংবাদিকতাৰ জীৱন আৰম্ভ কৰে। অধুনালুপ্ত ‘গহপুৰ সংবাদ’ৰ মুখ্য সম্পাদক হিচাপে সেৱা আগবঢ়োৱা নগেন কোঁৱৰ অসম সাহিত্য সভাৰ লগতে সদৌ অসম কবি সন্মিলনৰ আজীৱন সভ্য। সদৌ অসম কবি সন্মিলনৰ উপ-সভাপতি হিচাপেও দায়িত্বত থকা কোঁৱৰ গহপুুুৰ শাখা সাহিত্য সভা, গহপুুুৰ কবি কাননৰো সভাপতিৰ দৰে গুৰু দায়িত্ব পালন কৰে।নিতুল বৰা গহপুৰ ।

Leave A Reply