Breaking

নৈশ আহাৰৰ টেবুলত মাতৃৰ সৈতে প্ৰধানমন্ত্ৰী মোদী…

0 2,063

উত্তৰ প্ৰদেশকে ধৰি আন চাৰিখন ৰাজ্যত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে জয়লাভ কৰাৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে দুদিনীয়া কাৰ্যসূচী লৈ গুজৰাট ভ্ৰমণলৈ আহিছে। শুকুৰবাৰে নৰেন্দ্ৰ মোদীয়ে আহমেদাবাদত এটা ৰোডশ্ব’টো অংশগ্ৰহণ কৰিছিল আৰু সেইদিনাই তেওঁ গান্ধীনগৰত উপস্থিত হৈছিল। গান্ধীনগৰৰ বাসগৃহত মোদীয়ে তেওঁৰ মাতৃ হীৰাবেন মোদীক সাক্ষাৎ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে মাতৃৰ সৈতে কটোৱা বহুটো ফটোৱে এতিয়া সামাজিক মাধ্যমত চৰ্চালাভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে মাতৃৰ চৰণ স্পৰ্শ কৰা, আশীৰ্বাদ লোৱা, একেলগে বহি কথা পাতি থকা, আহাৰ খোৱা আৰু শেষত বিদায় লোৱাৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

সামাজিক মাধ্যমত আটাইতকৈ ভাইৰেল হোৱা ছবিখন হৈছে প্ৰধানমন্ত্ৰী আৰু মাতৃয়ে একেলগে বহি আহাৰ গ্ৰহণ কৰা। সেই ছবিখনত, প্ৰধানমন্ত্ৰী আৰু মাতৃয়ে একেলগে বহি খিচিৰি খাই আছিল। ছবিখনত হীৰাবেন আৰু নৰেন্দ্ৰ মোদী দুয়োৰে সন্মুখত খিচিৰিৰ প্লেট ৰখা তৰকাৰীৰ বাটি আছিল কিন্তু টেবুলখনত মাত্ৰ এগিলাচহে পানী আছিল। ভাইৰেল ছবিখন দেখি বহুলোকে টিপ্পনী দি সুধিছে যে, ‘‘মোদীজীয়ে পানী নাখায় নেকি?’’ অৱশ্যে, পানীৰ গিলাচ হীৰাবেন আৰু মোদীৰ পৰা প্ৰায় সমান দূৰত্বত আছে। ফলস্বৰূপে, পানীৰ গিলাচটো প্ৰকৃততে কাৰ, তাক লৈ এতিয়াও যথেষ্ট বিভ্ৰান্তি আছে। বহুলোকে ইয়াকো কৈছে যে, মোদীয়ে হয়তো আহাৰ গ্ৰহণ কৰাৰ ঠিক আগতে বা পাছতহে পানী গ্ৰহণ কৰে বা অন্যতকৈ কিছু পৃথক পানী সেৱন কৰে।

Leave A Reply