Breaking

দেশক সম্বোধন কৰি নতুন দিল্লীৰ সংসদ ভৱনত ভাষণ দীপাঙ্কৰ ওজাৰ। দেশৰ ৮ গৰাকী যুৱ বক্তাৰ ভিতৰত বিশেষ স্থান লাভ অসমৰ দীপাঙ্কৰ ওজাৰ

0 97

বলিষ্ঠ কন্ঠৰে দেশৰ ৰাজধানী নতুন দিল্লীৰ সংসদ ভৱনত অসমক প্ৰতিনিধিত্ব কৰিলে দীপাঙ্কৰ ওজাই। স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি সংবিধান সভাৰ সভাপতি ড° ৰাজেন্দ্ৰ প্ৰসাদৰ ১৩৮তম জন্ম জয়ন্তী উদযাপনৰ‌ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা যুৱ সংসদত অসমক প্ৰতিনিধিত্ব কৰি বক্তৃতা প্ৰদান কৰে ওদালগুৰি জিলাৰ কলাইগাঁৱৰ দীপাঙ্কৰ ওজাই। উল্লেখ্য যে অনুষ্ঠানত দেশৰ প্ৰতিখন ৰাজ্যৰ এজনকৈ যুৱ বক্তাই প্ৰতিনিধিত্ব কৰে নিজ নিজ ৰাজ্যক। অসমৰ একমাত্ৰ প্ৰতিনিধি হিচাপে বাছনি সমিতিয়ে নিৰ্ধাৰণ কৰে দীপাঙ্কৰ ওজাৰ নাম। দেশৰ ২৫ খন ৰাজ্যৰ ২৫ গৰাকী যুৱ বক্তাৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ বাছনি সমিতিয়ে ৮ গৰাকী যুৱ বক্তাক সংসদ ভৱনত বক্তৃতাৰ সুযোগ প্ৰদান কৰিছিল। ৰাজ্যখনৰ বাবে গৌৰৱৰ বিষয় এয়ে যে দেশৰ শীৰ্ষৰ ৮ গৰাকী বক্তাৰ ভিতৰত পঞ্চম স্থানত থাকে অসমৰ দীপাঙ্কৰ ওজা।

সংসদ ভৱনৰ চেন্ট্ৰে’ল হলত অনুষ্ঠিত এই অনুষ্ঠানত ৰাজ্য সভাৰ কেইবাগৰাকীও বৰেণ্য ব্যক্তি উপস্থিত আছিল। উল্লেখ্য যে অনুষ্ঠানত প্ৰতিখন ৰাজ্যৰ প্ৰতিনিধিসকলে নিজ নিজ ৰাজ্যৰ থলুৱা সাজ-পোছাক পৰিধান কৰে। কেন্দ্ৰীয় চৰকাৰৰ পাৰ্লিয়ামেন্ট ৰিচাৰ্ছ এণ্ড ট্ৰেইনিং ইনষ্টিটিউশ্যন ফৰ ডেমক্ৰেটিক চমুকৈ প্ৰাইডৰ নেতৃত্বত সংসদ ভৱনত দেশৰ যুৱ প্ৰজন্মক দেশৰ প্ৰতি নিজৰ চিন্তা আৰু পৰিকল্পনা প্ৰকাশৰ এখন মঞ্চ প্ৰদান কৰা হৈছে। ৮ গৰাকী যুৱ বক্তাৰ বাহিৰে অন্যান্য ৰাজ্যৰ প্ৰতিনিধিসকলে অনুষ্ঠানত দৰ্শক হিচাপে উপস্থিত থাকি নিজ নিজ ৰাজ্যক দেশৰ মঞ্চত প্ৰতিনিধিত্ব কৰে। সংসদ ভৱনৰ চেন্ট্ৰেল হলত অনুষ্ঠিত এই অনুষ্ঠানত দীপাঙ্কৰ ওজাই হিন্দীত সাৱলীলভাৱে নিজৰ বক্তব্য প্ৰদান কৰি বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰে।

Leave A Reply