Breaking

চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ অধিনায়ক উজ্বল প্ৰতিম বৰুৱালৈ আৰক্ষী সঞ্চালকপ্ৰধানৰ সোণৰ পদক

0 687

অসম আৰক্ষী দিৱস উপলক্ষ্যে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানৰ বিশেষ প্ৰশস্তি প্ৰশংসা ২০২১-২২ বৰ্ষৰ সোণ আৰু ৰূপৰ পদকপ্ৰাপ্ত বিভিন্ন পৰ্যায়ত কৰ্মৰত আৰক্ষী বিষয়া- জোৱানৰ নাম ঘোষণা কৰা হৈছে । অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানৰ কাৰ্যালয়ৰ পৰা কালি ঘোষণা কৰা হৈছিল পদকপ্ৰাপ্তৰ তালিকা। অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানৰ বিশেষ প্ৰশস্তি প্ৰশংসা ২০২১- ২২ বৰ্ষৰ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে নলবাৰী জিলাৰ দৌলাশালস্থিত চতুৰ্দ্দশ অসম আৰক্ষী বাহিনীৰ অধিনায়ক উজ্বল প্ৰতিম বৰুৱাই । অধিনায়ক উজ্বল প্ৰতিম বৰুৱাই সোণৰ পদক লাভ কৰাত বাহিনীটোৰ বিষয়া- কৰ্মচাৰী- জোৱানসকলৰ মাজত আনন্দৰ জোৱাৰ উঠিছে । যোৱা জুলাই মাহত দৌলাশালস্থিত চতুৰ্দ্দশ অসম আৰক্ষী বাহিনীৰ অধিনায়ক হিচাপে যোগদান কৰিছিল উজ্বল প্ৰতিম বৰুৱাই। ইয়াৰ পূৰ্বে বাক্সা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব পালন কৰি নিজৰ কৰ্মদক্ষতাৰ পৰিচয় দিছিল উজ্বল প্ৰতিম বৰুৱাই। সম্প্ৰতি চতুৰ্দ্দশ অসম আৰক্ষী বাহিনীৰ অধিনায়কৰ দায়িত্বত আছে উজ্বল প্ৰতিম বৰুৱা ।

অতি কম সময়ৰ ভিতৰতে বাহিনীটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাম কৰিবলৈ সক্ষম হৈছে অধিনায়ক উজ্বল প্ৰতিম বৰুৱাই ।‌ জোৱানসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সদায়েই গুৰুত্ব আৰোপ কৰি অহা এইগৰাকী কৰ্মদক্ষ আৰক্ষী বিষয়া উজ্বল প্ৰতিম বৰুৱাই জনসাধাৰণৰ লগতো গঢ়ি তুলিছে সু-সম্পৰ্ক। বাহিনীটোত অনুষ্ঠিত হোৱা প্ৰতিটো কাৰ্যসূচীত নিকটৱৰ্তী গাঁৱৰ সচেতন লোকসকলক নিমন্ত্ৰণ কৰি মত-বিনিময় কৰা দেখা গৈছে। “স্বাধীনতাৰ অমৃত মহোৎসৱ”ৰ লগত সংগতি ৰাখি ইতিমধ্যে কেইবাগৰাকীও জ্যেষ্ঠ নাগৰিকৰ ঘৰে ঘৰে গৈ ফলৰ টোপোলা, গামোচা, জাতীয় পতাকা প্ৰদান কৰিছিল এইগৰাকী সুদক্ষ আৰক্ষী বিষয়াই। লগতে বাহিনীটোৰ শ্বহীদ পৰিয়ালৰ ঘৰে ঘৰে গৈ প্ৰদান কৰিছিল খদ্দৰৰ জাতীয় পতাকা । ইয়াৰ উপৰিও অসম আৰক্ষী দিৱসৰ লগত সংগতি ৰাখি আৰক্ষী আৰু জনসাধাৰণৰ মাজত এক মধুৰ সম্পৰ্ক গঢ়ি তোলাৰ লক্ষ্য লৈ দৌলাশাল অঞ্চলৰ কেইবাখনো গাঁৱৰ জনসাধাৰণৰ লগত মত বিনিময় কৰাৰ উপৰি জনসাধাৰণৰ মাজত বিতৰণ কৰি আহিছে খাদ্য সামগ্ৰী । ইতিমধ্যেই দুই হাজাৰ পৰিয়ালক খাদ্য সামগ্ৰী প্ৰদান কৰিছে আৰু দুৰ্গা পূজাৰ পাছত পাঁচ হাজাৰ পৰিয়ালক খাদ্য সামগ্ৰী প্ৰদান কৰাৰ লক্ষ্য লৈছে অধিনায়ক উজ্বল প্ৰতিম বৰুৱাই। অধিনায়কগৰাকীৰ কাম-কাজ, চিন্তা-চৰ্চাৰ শলাগ লৈছে অঞ্চলটোৰ বিভিন্ন মহলে। ইয়াৰ উপৰিও বাহিনীটোৰ হাবিলদাৰ (এ.বি) মহিধৰ কলিতা, হাবিলদাৰ (এ.বি) জ্যোতিষ শইকীয়া আৰু এ.বি.চি বিমল গিৰিয়ে লাভ কৰিছে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানৰ বিশেষ প্ৰশস্তি প্ৰশংসা ২০২১-২২ বৰ্ষৰ ৰূপৰ পদক ৷

Leave A Reply