Breaking

আজাৰাত এন ডি আৰ এফৰ প্ৰথম বেটেলিয়ানত সঞ্চালক প্ৰধান পীযুষ আনন্দ…

0 41

অসমকে ধৰি উত্তৰ পূব ভাৰতৰ চাৰিখন ৰাজ্যৰ ৫৭ খন জিলাত ২০০৯ চনৰ পৰা যিকোনো দুৰ্যোগত আক্ৰান্ত লোকক উদ্ধাৰ আৰু সাহায্য অভিযানত নিয়োজিত হৈ অহা ৰাষ্ট্ৰীয় দুৰ্যোগ সহাৰি বাহিনী ( এন ডি আৰ এফ) ৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা পাটগাঁওস্থিত প্ৰথম বেটেলিয়ানৰ মুখ্য কাৰ্যালয়ত ১৬ এপ্ৰিলত দুদিনীয়া ভ্ৰমণসূচীৰে আহি উপস্থিত হয় বাহিনীটোৰ সঞ্চালক প্ৰধান পীযুষ আনন্দ।

নতুন দিল্লীৰ পৰা ১৬ এপ্ৰিলত আহি উপস্থিত হোৱা সঞ্চালক প্ৰধান আনন্দে প্ৰথম এন ডি আৰ এফৰ মুখ্য কাৰ্যালয়ত আদৰণি জনায় কমাডেণ্ট এইচ পি এছ কাণ্ডাৰীয়ে। তাৰ পাছত প্ৰথম এন ডি আৰ এফৰ কমাডেণ্ট কাণ্ডাৰীৰ সৈতে বাহিনীটোৰ বিভিন্ন প্ৰশিক্ষণ হোৱা ব্ৰহ্মপুত্ৰৰ দক্ষিণ কামৰূপৰ পলাশবাৰী ঘাট আৰু গুৱাহাটীৰ উজানবজাৰ ঘাট পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত সঞ্চালক প্ৰধান গৰাকীয়ে দুয়োটা ঘাটতে পানীত ডুব যোৱা মানুহ আৰু বানপানীৰ সময়ত কিদৰে এন ডি আৰ এফৰ লোকে বানাক্ৰান্ত লোকক নিৰাপদে উদ্ধাৰ কৰে তাৰ বুজ লয়। তেনেদৰে আজি পাটগাঁওস্থিত প্ৰথম এন ডি আৰ এফৰ মুখ্য কাৰ্যালয়ত এখন সৈনিক সন্মিলনত বিষয়া – জোৱান সকলক সম্বোধন কৰি সঞ্চালক প্ৰধান পীযুষ আনন্দে বাহিনীটোৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত আলোকপাত কৰাৰ লগতে সকলোকে নিজ দায়িত্ব নিয়াৰিকৈ পালন কৰিবলৈ আহ্বান জনায়।

Leave A Reply