Breaking

কৃষি আইন সন্দৰ্ভত কেন্দ্ৰীয় কৃষি মন্ত্ৰী আৰু বিৰোধী সংগঠনৰ মাজত আলোচনা

0 2,032

কেন্দ্ৰীয় চৰকাৰ আৰু সংসদত অলপতে গৃহীত হোৱা কৃষি আইন কেইখনৰ বিৰোধীতা কৰা কৃষক সংগঠনসমূহৰ মাজত আজি ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত নৱমলানি আলোচনা অনুষ্ঠিত হৈছে।

আলোচনাৰ পূৰ্বে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কৃষকসকলৰ ওজৰ-আপত্তি গ্ৰহণ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে এখন সমিতি গঠন কৰি দিবলৈ লোৱা সিদ্ধান্তক আদৰণি জনায়।

তেওঁ লগতে কয় যে, কৃষকসকলে উত্থাপন কৰা বিষয়সমূহ সমাধান কৰাৰ বাবে চৰকাৰে ইতিমধ্যে আলোচনা অব্যাহত ৰাখিছে। শ্ৰীটোমৰে কয় যে, কৃষক নেতাসকলৰ সৈতে মুক্ত মনেৰে চৰকাৰে আলোচনা চলাই আছে।

উল্লেখযোগ্য যে, উচ্চতম ন্যায়ালয়ে যোৱা মঙলবাৰে কৃষি আইন ৩ খনৰ ৰূপায়ণত পৰৱৰ্তী আদেশ নিদিয়া পৰ্যন্ত স্থগিতাদেশ জাৰি কৰিছিল। ন্যায়ালয়ে লগতে কৃষকসকলৰ ওজৰ-আপত্তি আৰু চৰকাৰৰ মতামত গ্ৰহণ কৰাৰ বাবে ৪ জনীয়া সদস্যৰ সমিতি গঠন কৰাৰ বিষয়ে ষোষণা কৰিছে। ৪ জনীয়া সমিতিখনৰ সদস্য কেইগৰাকী হৈছে ভাৰতীয় কিষাণ সংগঠনৰ সভাপতি ভূপিন্দৰ সিং মান, শেঠকৰি সংগঠনৰ সভাপতি অনিল ঘনৱট, আন্তঃৰাষ্ট্ৰীয় খাদ্য নীতি গৱেষণা প্ৰতিষ্ঠানৰ প্ৰমোদ কুমাৰ যোশী আৰু কৃষি অৰ্থনীতিবিদ অশোক গুলাটি। অৱশ্যে বৃহস্পতিবাৰে শ্ৰীমানে এই ৪ জনীয়া সমিতিৰ পৰা নিজকে আঁতৰাই আনে।

Leave A Reply