Breaking

দিশহাৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা! অগপ-এআইইউডিএফলৈ কংগ্ৰেছী বিধায়ক…

0 21

লোকসভাৰ নিৰ্বাচন যিমানেই চমু চাপিছে সিমানেই বিপদে হেঁচি ধৰিছে প্ৰদেশ কংগ্ৰেছ দলটোক। অসহায় হৈ পৰা সভাপতি ভূপেন বৰা যেন ব্যৰ্থ হৈ পৰিছে দলটোৰ খহনীয়া ৰোধ কৰাত। কিছু দিন পূৰ্বে দলটোৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দেৱ পুৰকায়স্থ আৰু বসন্ত দাসে দলটোত থাকিও শাসকীয় পক্ষক পূৰ্ণ সমৰ্থন জনোৱাৰ ঘোষণাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই অগপ দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই ঘটালে বিস্ফোৰণ। মহন্তই পশ্চিম গোৱালপাৰাৰ বিধায়ক আব্দুৰ ৰচিদ মণ্ডল আৰু দক্ষিণ কৰিমগঞ্জৰ বিধায়ক চিদ্দিকী আহমেদে শীঘ্ৰেই অসম গণ পৰিষদ দলত যোগদান কৰিব বুলি ঘোষণা কৰিছে।

অৱশ্যে কিছুদিন পূৰ্বে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতায়ো এই বিষয়ে ঘোষণা কৰিছিল। যদি এই তথ্য সত্য হয় ই হ’ব কংগ্ৰেছ দলটোৰ বাবে আন এক মোক্ষম আঘাত। এই চাঞ্চল্যৰ মাজতেই এআইইউডিএফ দলৰ দলগাঁৱৰ বিধায়ক মজিবুৰ ৰহমানে কংগ্ৰেছ দলৰ ৫গৰাকী বিধায়কে এআইইউডিএফ দলত যোগদানৰ বাবে সাজু হোৱাৰ ইংগিত দিছে। আনহাতে, টিকটকেন্দ্ৰিক ঘটনায়ো বিব্ৰত কৰি ৰাখিছে সভাপতি ভূপেন বৰাক। মন পছন্দৰ সমষ্টি নাপালে একাংশই দলত্যাগৰ ভাবুকি দি আছে। ইয়াৰ সমান্তৰালকৈ কেন্দ্ৰীয় নেতৃত্বই প্ৰদেশ কংগ্ৰেছ দলৰ খহনীয়াক লৈ মুঠেই চিন্তিত হৈ পৰা পৰিলক্ষিত হোৱা নাই। প্ৰশ্ন হৈছে, আগন্তুক লোকসভাৰ নিৰ্বাচনত যুঁজিবলৈ দলটোত সেনা থাকিবগৈ নে। কি হ’ব সভাপতি ভূপেন বৰাৰ ৰাজনৈতিক ভৱিষ্যৎ।

Leave A Reply