Breaking

দিছপুৰ খন হিমন্ত বিশ্ব শৰ্মাৰ পৈত্রিক সম্পত্তি নহয় – বিধায়ক আমিনুল ইছলাম

0 2,031

মুকালমুৱাত  আজি এ আই ইউ ডি এফৰ এখন কৰ্মী সভাত বিস্ফোৰক মন্তব্য কৰে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে। শিক্ষা ও বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰি ধিংৰ বিধায়ক আমিনুল ইছলামে কয় দিছ্পুৰ খন হিমন্ত বিশ্ব শৰ্মাৰ পৈত্রিক সম্পত্তি নহয়, নহয় তেওঁক শহৰেকৰ ঘৰৰ পৰা দিয়া যৌতুক যে আজমল বাহিনীক দিছপুৰৰ পৰা খেদিব ।

উল্লেখযোগ্য যে, যোৱা কালি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নলবাৰীৰ কেন্দুকুছিত অনুষ্ঠিত হোৱা  অমিত শ্বাহৰ বিজয় সংকল্প সভা খনত আজমল বাহিনীক বিধান সভা/দিছপুৰ পৰা ১০০ কিঃমিঃ দূৰত সোমাব দিয়া নহব বুলি মন্তব্য কৰাৰ পাছত  সমগ্ৰ ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। আজি মুকালমুৱাত এখন দলীয় সভাত উপস্থিত হৈ সাংবাদিকৰ আগত এনে বিস্ফোৰক  মন্তব্যৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰি পুনৰ কয় যে, বিজেপিয়ে বহু  হেজাৰ কোটি টকা ধাৰত পোত খুৱাই, ৰাজ্যত অপশাশন কৰি,চৰম দুৰ্নীতি কৰি, ৰাজ্য বাসীৰ আগত এতিয়া নিৰ্বাচনৰ পূৰ্বে মুখ দেখুৱাব নোৱাৰি সাম্প্ৰদায়িক মন্তব্য কৰা বুলি তেওঁ কয়।লগতে তেওঁ কয় যে বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰি এতিয়া  কংগ্ৰেছ ই এ আই ইউ ডি এফৰ বিৰুদ্ধে অপপ্ৰচাৰ আৰম্ভ কৰিছে।আগন্তুক বিধানসভা নিৰ্বাচনত ৰাইজে সঠিক উত্তৰ দিব বিজেপিক।এনেদৰে বিজেপিক চোকা সমালোচনা কৰে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে।কংগ্ৰেছ এ আই ইউ দি এফ মিত্ৰতা কৰি সত্তৰ খনৰো অধিক আসন তেওঁলোকে পাব বুলিও কয় এইবাৰ বিধান সভা নিৰ্বাচনত। আজিৰ এই সভাখনত উপস্থিত থাকে নাওবৈচাৰ বিধায়ক মামুদ  ইমদাদুল হক,এ আই ইউ ডি এফৰ মুখপত্ৰ তথা সাধাৰণ সম্পাদক চম্পক শৰ্মাকে ধৰি কেইবাজনো দলৰ বিষয়ৱবীয়া।

Leave A Reply