Breaking

নাজিৰাত ভ্ৰাম্যমাণ শিল্পীলৈ সাহায্য বিতৰণ

0 869

নাজিৰা : সম্প্ৰতি কৰ’না ভাইৰাছৰ ভয়াবহ পৰিস্থিতিত অসমৰ ভ্ৰাম্যমাণ শিল্পীসকলৰ দুৰবস্থাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে এনে শিল্পীসকলক সাহায্য প্ৰদান কৰি আহিছে ৷ আজি অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ শিমলুগুৰি শাখাৰ সৌজন্যত বিষয়া স্বপ্নাৰানী শইকীয়াৰ সহযোগত নাজিৰা মহকুমাধিপতিৰ কাৰ্যালয়ত মহকুমাটোৰ তিনিগৰাকী ভ্ৰাম্যমাণ শিল্পীক সাহায্য প্ৰদান কৰা হয় ৷ মহকুমাধিপতি সম্প্ৰীতি গোস্বামীৰ উপস্থিতিত স্বপ্না শইকীয়া, দণ্ডাধীশ অদিতি বৰ্মন, সাহিত্যিক অসমী গগৈ, সমাজকৰ্মী প্ৰশান্ত বৰঠাকুৰ, গোপাল বৰুৱা আৰু কেইবাজনো সংবাদকৰ্মী উপস্থিত থকা অনুষ্ঠানত শিল্পী জীবন হাতীকাকতী, ৰিংকু গগৈ আৰু মনোজ দেক এই সাহায্য প্ৰদান কৰে ৷

Leave A Reply