Breaking

সদৌ মৰাণ ছাত্ৰ সন্থা, ডিৰাক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত ছাত্র-ছাত্ৰীৰ মাজত বহী, কলম বিতৰণ

0 194

ডিৰাক সীমান্ত

সমগ্ৰ বিশ্বজুৰি ক’ৰ’ণা ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়ত সমগ্ৰ বিশ্বৰ আন আন প্ৰান্তৰ লগতে অসমৰ ছাত্ৰ-ছাত্ৰী সকলৰো শিক্ষা জীৱনত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। দেশত এতিয়া লকডাউন। ফলত মাৰ্চ মাহৰ মাজভাগৰ পৰা বন্ধ হৈ আছে ৰাজ্যৰ বিদ্যালয়বোৰ।ছাত্ৰ-ছাত্ৰীসকল যাতে পঢ়াৰ পৰা আঁতৰি নাযায় বৰঞ্চ পঢ়াৰ প্ৰতি আগ্ৰহী হয় তাৰ প্ৰতি লক্ষ্য ৰাখি সদৌ মৰাণ ছাত্ৰ সন্থা, ডিৰাক আঞ্চলিক সমিতি আৰু ডিৰাক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যৌথ উদ্যোগত স্থানীয় সচেতন যুৱক সত্যজিত চেতিয়া সহযোগত শনিবাৰে তিনিচুকীয়া জিলাৰ কাকপথাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত আমগুৰি ন-গাঁও আৰু আমগুৰি গাঁৱৰ প্ৰায় ৫০ গৰাকী ছাত্ৰ-ছাত্ৰীক বহী আৰু কলম প্ৰদান কৰে৷ লগতে ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা কেনেদৰে হাত সাৰি থাকিব পাৰি আৰু পঢ়াৰ ক্ষেত্ৰত কেনেদৰে  মনোযোগ দিব লাগে তাৰ বিষয়ে ডিৰাক উচ্চতৰ মাধ্যমিক বিদ্যালয় অধ্যক্ষা ৰীণা চুতীয়াই অৱগত কৰে। সামাজিক দূৰত্ব বজাই ৰাখি অনুষ্ঠিত কৰা অনুষ্ঠানটি উপস্থিত থাকে সদৌ মৰাণ ছাত্ৰ-সন্থা, ডিৰাক অঞ্চলিক সমিতিৰ সভাপতি চৌবিক মৰাণ, স্থানীয় যুৱক  ভদ্ৰকান্ত দুৱৰা৷

Leave A Reply