Breaking

কলগাছিয়াৰ ৰূপসী উন্নয়ন খণ্ডত মাইক্ৰফাঞ্চৰ ঋণ লোৱা মহিলাসকলক চেক বিতৰণ

0 29

আজি কলগাছিয়া ৰূপসী উন্নয়ন খণ্ডত মাইক্ৰফাঞ্চৰ ঋণ লোৱা মহিলা সকলক চেক বিতৰণ কৰা হয়। চেক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বৰপেটাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূচালে। চেক বিতৰণ অনুষ্ঠানত বৰপেটা জিলা পৰিষদৰ উপ-সভাপতি ছামচুল হক, বৰপেটা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ হাশমত আলী, ৰূপসী খণ্ড উন্নয়ন বিষয়া নবৰত্ন পাটোৱাৰী, বৰভিঠা গাওঁ পঞ্চায়তৰ সভানেত্ৰী ৰাবিয়া খাতুন উপস্থিত থাকে।

অসম ক্ষুদ্ৰ বিত্তীয় উদগনি সাহাৰ্য্য আঁচনি ২০২১ প্ৰথম শ্ৰেণীৰ নিয়মীয়া পৰিশোধকাকাৰীৰ বাবে প্ৰদান কৰা হয় এই চেক সমূহ। মুখ্যমন্ত্ৰী ড৹ হিমন্ত শৰ্মাই নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি মতেই চেক প্ৰদান কৰাত উৎফুল্লিত চেক প্ৰাপ্ত মহিলা সকল। আজি কলগাছিয়াৰ ৰূপসী উন্নয়ন খণ্ড এলেকাত ৩১৭৬ গৰাকী হিতাধিকাৰীক চেক প্ৰদান হ’ব বুলি জানিব পৰা গৈছে। চেক প্ৰদান অনুষ্ঠানৰ লগত সংগতি ৰাখি বাল্য বিবাহ আৰু নাৰী শিক্ষাৰ প্ৰতিও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় উপায়ুক্ত গৰাকীয়ে।

Leave A Reply