Breaking

“পথাৰো আমাৰ বজাৰো আমাৰ” কাৰ্য্যসূচীৰ আধাৰত অসম পশুধন নিগমৰ উদ্যোগত হাঁহ আৰু গাহৰি পোৱালী বিতৰণ

0 1,121

গুৱাহাটী, ১১ ডিচেম্বৰঃ অসম পশুধন নিগমে ৰাজ্যৰ অৰ্থনীতিত সংযোজন কৰা নৱতম কাৰ্য্যসূচী ‘পথাৰো আমাৰ বজাৰো আমাৰ‘ পদক্ষেপৰ আধাৰত আজি অসম পশুধন নিগম প্ৰাঙ্গনত প্ৰশিক্ষণপ্ৰাপ্ত নিবনুৱা যুৱক-যুৱতী আৰু পুৰুষ মহিলাৰ মাজত বিনামূলীয়াকৈ পাচঁ হেজাৰ হাঁহৰ পোৱালী আৰু বিশ্ব বেঙ্কৰ অধিনষ্ঠ অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ আচঁনিৰ অধীনত গাহৰি পোৱালী বিতৰণ কৰা হয়। এই উদ্দেশ্যে অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই কয় যে, গ্ৰাম্য অৰ্থনীতি শক্তিশালী হ’লেহে ৰাজ্যৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী হ’ব। বিগত সময়ছোৱাত পশুধন নিগমে বিশেষভাৱে গ্ৰাম্যাঞ্চলৰ প্ৰায় ১৫ হেজাৰ যুৱক-যুৱতীক বিজ্ঞানসন্মত ভাৱে পশুপালনৰ প্ৰশিক্ষণ প্ৰদান কৰিছে। প্ৰশিক্ষণৰ লগে লগে স্বাৱলম্বীতাৰ বাবেও নিগমে বাস্তৱিক ব্যৱস্থা গ্ৰহণ কৰিছে। ফলত চাৰি হেজাৰৰো অধিক যুৱক-যুৱতী প্ৰতিষ্ঠিত হবলৈ সক্ষম হৈছে। পথাৰো আমাৰ বজাৰো আমাৰ কাৰ্য্যসূচী জনপ্ৰিয় হোৱাৰ লগতে বহু যুৱক-যুৱতী ইয়াৰ লগত জড়িত হৈ পৰিছে বুলি মন্তব্য কৰি নিৰ্দিষ্ট সময়ৰ ভিতৰত ৰাজ্যখনে দুগ্ধ, কুকুৰা, গাহৰি, ছাগলি আদি উৎপাদনত আত্মনিৰ্ভৰ হবলৈ সক্ষম হব বুলি মতপোষণ কৰে। অধ্যক্ষ শইকীয়াই লগতে কয় যে, সংগঠিত ৰূপত পশুপালন কৰাত গুৰুত্ব দিয়া উচিত আৰু অসমৰ বজাৰ অসমৰ কৃষকে দখল কৰাই নহয় বহিঃৰাজ্যলৈ ৰপ্তানী কৰাৰ বাট মুকলি কৰিব লাগিব। ইয়াৰ বাবে চৰকাৰে গ্ৰহণ কৰা আচঁনি সম্পৰ্কতো ৰাখ্যা কৰে। পশুপালন বিভাগৰ চিকিৎসক বিষয়াসকলে পশুপালক সকলৰ সাৰথি হিচাপে কাষত থাকি সহযোগ কৰিব লাগিব বুলি সোৱঁৰাই দিয়ে। সভাত ৰাজ্য চৰকাৰৰ পশুপালন বিভাগৰ আয়ুক্ত – সচিব শ্যাম জগন্নাথন, সচিব ৰবিনচন মুছাহাৰী, সঞ্চালক অশোক বৰ্মন, নিগমৰ পৰিচালন সঞ্চালক দিপালী দেৱী, দুগ্ধ উন্নয়ণ সঞ্চালক উৎপল শৰ্মা আৰু পশুপালন বিভাগৰ বহু সংখ্যক বিষয়া উপস্থিত থাকে। সভাত দুই শতাধিক যুৱক-যুৱতী আৰু পুৰুষ মহিলাৰ মাজত হাঁহ আৰু গাহৰি পোৱালী বিতৰণ কৰা হয়।

Leave A Reply