Breaking

শ্ৰীৰামপুৰৰ ডামৰাপাৰা আৰু গকুলকাটাত সজল ফাউণ্ডেচনৰ দ্বাৰা ফিল্টাৰ-খেজুৰ বিতৰণ

0 57

২০০৯ চনৰ পৰাই সজল ফাউণ্ডেচন নামৰ বেচৰকাৰী সেচ্ছাসেৱী সংগঠনটোৱে গোসাইগাঁও মহকুমাৰ বিভিন্ন প্ৰান্তত দুখীয়া- দৰিদ্ৰ নিচলা পৰিয়ালক বিভিন্ন প্ৰকাৰে সহায়-সহযোগিতা আগৱঢ়াই অহাটো পৰিলক্ষিত হৈছে৷

হিন্দু ধর্মাবলম্বী লোকৰ দুৰ্গাপূজা, খ্ৰীষ্টান ধর্মাবলম্বী লোকৰ বৰদিন, ইছলাম ধর্মাবলম্বী লোকৰ ঈদ আদি উৎসৱত দুখীয়া দৰিদ্ৰ লোকৰ মাজত সজল ফাউণ্ডেচনৰ তৰফৰ পৰা নতুন বস্ত্ৰ বিতৰণ কৰি অহাটো এক পৰম্পৰা হৈ পৰিছে৷

এইবেলিও ইছলাম ধর্মাবলম্বী লোকৰ পৱিত্ৰ ৰমজান মাহ উপলক্ষে ইফতাৰ কৰাৰ বাবে খেজুৰ আৰু বিশুদ্ধ খোৱাপানী সেৱন কৰাৰ বাবে ফিল্টাৰ বিতৰণ কৰে৷

৩ নং শ্ৰীৰামপুৰ সমষ্টিৰ এম চি এল এ তথা সজল ফাউণ্ডেচনৰ পৃষ্ঠপোষক সজল সিংহই আজি মহকুমাখনৰ অসম- বংগ সীমান্তৰ ডামৰাপাৰাত ২০০ দৰিদ্ৰ পৰিয়ালৰ মাজত ফিল্টাৰ আৰু খেজুৰ বিতৰণ কৰে৷

অনুৰূপভাৱে গকুলকাটাত ৪০০ দৰিদ্ৰ পৰিয়ালৰ মাজত ফিল্টাৰ আৰু খেজুৰ বিতৰণ কৰে৷ গকুলকাটাত এম চি এল এ সজল সিংহই ফিল্টাৰ আৰু খেজুৰ বিতৰণ কৰাৰ আগমুহূৰ্তত ৰাইজৰ সৈতে মত বিনিময় কৰে৷

Leave A Reply