হুগলতলী গাঁৱৰ শতাধিক দৰিদ্ৰ পৰিয়ালক দুই ভ্ৰাতৃদ্বয়ৰ খাদ্য সামগ্রী বিতৰণ

সম্প্ৰতি দেশত ক’ৰণা মহামাৰী আৰু লকডাউন চলি থকাৰ বাবে সাধাৰণ মানুহৰ অৱস্থা জুৰুলা হোৱাটো পৰিলক্ষিত হৈছে । লকডাউনত দৰিদ্ৰ  লোকৰ দুখ কোলাই পাচিয়ে নধৰা হৈছে।  তেনে সংকট সময়তে  শতাধিক দৰিদ্ৰ পৰিয়ালৰ কাষত থিয় দিলে  মৰিগাঁও জিলাৰ  ধিং সমষ্টিৰ হুগলতলী গাঁৱৰ শিক্ষিত তথা সচেতন সমাজ সেবক ভ্ৰাতৃদ্বয় ক্ৰমে ৰাশিদুল হক চৌধুৰী আৰু শ্বাহিন মিজানুল হক চৌধুৰীৰ নেতৃত্বত আজি তেওঁ লোকৰ নিজা বাসগৃহত শতাধিক দৰিদ্ৰ পৰিয়ালক খাদ্য সামগ্রী আৰু অত্যাবশ্যকীয় সামগ্রী আদি বিতৰণ কৰি মহানুভবতাৰ পৰিচয় দাঙি ধৰে । এই কাৰ্যসূচীত উপস্থিত থাকে তেওঁ লোকৰ পিতৃ মাতৃৰ লগতে পৰিয়ালৰ বাকি সদস্য সকল। উল্লেখ্য যে তেওঁলোকে  পূৰ্বতেও বহু আৰ্তজনৰ কাষত থিয় দি আহিছে । তেখেতসকলৰ এনে সাহাৰ্য্য প্ৰদান কাৰ্যত উক্ত গাঁওৰ স্থানীয় লোকে ভূয়সী প্ৰশংসা কৰিছে ।

Related Articles