Breaking

শিমলুগুৰিত আছুৰ উদ্যোগত সংবাদকৰ্মীক খাদ্য সামগ্ৰী বিতৰণ

0 61

নাজিৰা

বৰ্তমান ক’ৰ’ণা ভাইৰাছৰ আতংকৰ সময়ত ঘৰ দুৱাৰ এৰি জৰুৰী কাৰ্যত জড়িত সংবাদকৰ্মীসকলক শনিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত শিমলুগুৰিত খাদ্য সামগ্ৰী বিতৰণ কৰি উৎসাহিত কৰে৷ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপ সভাপতি মানিক গগৈৰ নেতৃত্বত শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্হাৰ কাৰ্যালয়ত শিমলুগুৰি, নাজিৰাৰ প্ৰায় ২০গৰাকী সংবাদকৰ্মীক খাদ্যৰ টোপোলা বিতৰণ কৰে৷ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপসভাপতি মানিক গগৈয়ে অতি কষ্টৰে সংবাদসেৱীসকলে নিষ্ঠাৰে কাম কৰাৰ বাবে উৎসাহিত কৰাৰ অৰ্থে চৰাইদেউৰ বিভিন্ন প্ৰেছ ক্লাবৰ সদস্যৰ লগতে শিমলুগুৰি, নাজিৰাৰ সাংবাদিকসকলকো শনিবাৰে তেওঁলোকৰ কৰ্মৰ প্ৰতি সন্মান জনাই এই কাৰ্যসূচী গ্ৰহণ কৰা বুলি মন্তব্য কৰে৷ এই কাৰ্যসূচী নাজিৰা মহকুমা ছাত্ৰ সন্থাৰ সভাপতি মানব হাজৰিকাই আঁত ধৰাৰ লগতে প্ৰাক্তন আছু নেতা প্ৰনব দত্ত, আছু নেতা পৰাগ দত্ত, নয়নমনি শৰ্মা, চৰাইদেউ আছুৰ কেইবাজনো সদস্য উপস্থিত থাকে৷

Leave A Reply