Breaking

ইউনিক ব’ণ্ড ফটোগ্ৰাফী গ্ৰুপৰ উদ্যোগত নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ভোকাতুৰ কপিকুলৰ মাজত ফলমূল বিতৰণ

0 78

জামুগুৰিহাট

ভয়াৱহ ক’ৰোনা ভাইৰাছে সম্প্ৰতি সমগ্ৰ বিশ্বতে  স্বাভাৱিক জীৱন যাত্ৰা স্তব্ধ কৰি তুলিছে৷ ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে বৰ্তমান চৰকাৰে চতুৰ্থ পৰ্যায়ৰ লকডাউন ঘোষণা কৰিছে যদিও শংকাত সময় অতিবাহিত কৰিছে জনসাধাৰণে৷ লকডাউনৰ প্ৰথম পৰ্যায়ৰ পৰাই একাংশ লোকে দৰিদ্ৰসকলক সামৰ্থ অনুসৰি বিতৰণ কৰিছে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী৷ কিন্তু এই লকডাউনে সমগ্ৰ বিশ্বৰে স্বাভাৱিক জীৱন যাত্ৰাৰ গতি সলনি কৰাত তীব্ৰ খাদ্য সংকটত পৰিছে প্ৰকৃতিৰ অন্যতম অংগ বন্য জীৱকূল৷ এনে সময়তে জামুগুৰিহাটৰ ইউনিক ব’ণ্ড ফটোগ্ৰাফী গ্ৰুপৰ তৰফৰ পৰা গ্ৰহণ কৰা হয় এক ব্যতিক্ৰমি পদক্ষেপ৷ দেওবাৰে ইউনিক ব’ণ্ড ফটোগ্ৰাফী গ্ৰুপৰ সদস্যই বালিপৰাৰ পৰা নামেৰী সংযোগী পকী পথৰ দুয়োকাষে থকা নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত জাকে জাকে ওলাই অহা ভোকাতুৰ কপিকূলৰ মাজত বুট, কল, অমিতা, তিয়ঁহ, তৰমুজ আদি খাদ্য সামগ্ৰী বিতৰণ কৰে৷ দেওবাৰে বিয়লি পৰ্যন্ত এই খাদ্য সামগ্ৰী বিতৰণৰ সময়ছোৱাত  ইউনিক ব’ণ্ডৰ প্ৰতিস্থাপক ফটোগ্ৰাফাৰ, যুৱ সাংবাদিক নীহাৰ শৰ্মা, ফটোগ্ৰাফাৰ অসীম বৰা আৰু ইউনিক ব’ণ্ডৰ সদস্যা তথা ৰঙাপৰাৰ উজ্বলা অমৃতৰ পৰিচালন সঞ্চালিকা স্বপ্নালী চক্ৰৱৰ্তী উপস্থিত থাকে৷ ইউনিক ব’ণ্ডৰ এই প্ৰচেষ্ঠাক শলাগ লৈছে প্ৰকৃতিপ্ৰেমী তথা সচেতন ৰাইজে৷

Leave A Reply