Breaking

নগাঁও পেঞ্চনাৰ ভৱনত আন্তঃগাঠনি উন্নয়নৰ অনুদান বিতৰণ বিধায়ক ৰূপক শৰ্মাৰ

0 1,766

নগাঁও, ২১ ডিচেম্বৰ : নগাঁও চহৰস্হিত  পেঞ্চনাৰ ভৱনৰ আন্তঃগাঠনি উন্নয়নৰ বাবে আজি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই আছুতীয়া পূঁজিৰ  ৭ লাখ টকাৰ অনুদান আগবঢ়ায়। এই উপলক্ষে পেঞ্চনাৰ ভৱনত অনুষ্ঠিত  সভাত অসম পেঞ্চনাৰ সন্হাৰ নগাঁও শাখাৰ সভাপতি, সম্পাদক প্ৰমুখ্যে সদস্য সকলৰ উপস্থিতিত বিধায়ক শৰ্মাই আন্তঃগাঠনি উন্নয়নৰ চেক বিতৰণ কৰে। বিধায়ক গৰাকীয়ে আছুতীয়া পূঁজিৰ চেক বিতৰণ কৰি কয় যে, সুৰ্দীঘ চাকৰি কালৰ  সমাপ্তি ঘটাই এক নতুন অধ্যায়ৰ সুচনাৰে অৱসৰী ব্যক্তি সকলে পেঞ্চনাৰ ভৱনত ঐক্যবদ্ধ হৈ মনৰ ভাৱ আদান প্ৰদান কৰাৰ লগতে বিভিন্ন  সামাজিক আৰু গঠনমূলক কাম কাজত মনোনিবেশ কৰে। সেয়ে অৱসৰী লোক সকলৰ মিলনৰ স্হল হৈ পৰে এই পেঞ্চনাৰ ভৱন। সমাজৰ অভিভাৱক স্বৰূপ এই জ্যেষ্ঠ ব্যক্তি সকলৰ আদৰৰ পেঞ্চনাৰ ভৱনটো  আটকধুনীয়া কৰি ৰখাটো আমাৰ সকলোৰে কৰ্তব্য। সেয়ে নগাঁও পেঞ্চনাৰ ভৱনৰ আন্ত:গাঠনি উন্নয়নৰ হকে আজি আছুতীয়া পূঁজিৰ পৰা ৭ লাখ টকাৰ অনুদান আগবঢ়োৱা হৈছে । আশা কৰিছো এই অনুদানৰে  ভবিষ্যত দিনত নগাঁও পেঞ্চনাৰ ভৱনটো আটকধুনীয়া ৰূপত গঢ় লৈ উঠিব। অনুদান বিতৰণ অনুষ্ঠানত অসম পেঞ্চনাৰ সন্হাৰ নগাঁও শাখাৰ সভাপতি আবুল হুছেইন, সম্পাদক জীৱ প্ৰসাদ বৰকটকীৰ লগতে সন্হাৰ সদস্যসকল উপস্থিত থাকে ।

Leave A Reply