Breaking

ডিব্ৰুগড়ত সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ শুভ বৰুৱা শৈক্ষিক প্ৰতিভা আৰু জ্ঞান বিকাশ যোজনাৰ জলপানি বিতৰণ

0 128

উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৰাজ্যৰ ভিতৰত সপ্তম স্থান প্ৰাপ্ত বৈভৱ সোনোৱাল লৈ সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ এক লাখ টকা “স্বৰ্গীয় শুভ বৰুৱা সোঁৱৰণী শৈক্ষিক প্ৰতিভা বঁটা প্ৰদান।

ডিব্ৰুগড়ৰ চৰকাৰী লৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা জলপানি বিতৰণ অনুষ্ঠানত বঁটা প্ৰদান কৰে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে।

আনহাতে একেতা অনুষ্ঠানত ‘স্বৰ্গীয় শুভ বৰুৱা সোঁৱৰণী শৈক্ষিক প্ৰতিভা বঁটা” সোনোৱাল কছাৰী জনগোষ্ঠীৰ পৰা বিৰ্গত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা মুঠ ৩৭৭২ জন ছাত্র- ছাত্ৰীলৈ নগদ ধন আৰু বটাঁ প্ৰদান কৰে।

উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক বঁটা আৰু এককালীন আর্থিক সাহাৰ্য বিতৰণৰ এই কাৰ্যসূচীত মুঠ প্ৰায় ২ কোটি ৭০ লাখ টকা কৃতিমান ছাত্র ছাত্ৰী সকললৈ প্ৰদান কৰা হয়।

জলপানি বিতৰণ কাৰ্যসূচীত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ সোনোৱাল, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন সহ অন্যান্য সকল উপস্থিত থকা লগতে ৰাজ্যৰ প্ৰতিখন জিলা পৰা সোণোৱাল কছাৰী জনগোষ্ঠীয় ছাত্ৰ ছাত্ৰী সকল উপস্থিত থাকে।

Leave A Reply