Breaking

নগাঁৱত সদৌ অসম উন্নয়ন পৰিষদৰ উদ্যোগত মাস্ক-চেনিটাইজাৰ বিতৰণ

0 2,038

সদৌ অসম উন্নয়ন পৰিষদ নগাঁও জিলাৰ উদ্যোগত আজি দিনৰ ১১ বজাত চহৰৰ মুকুট শৰ্মা চাৰিআলিত চেনিটাইজাৰ আৰু মাস্ক বিতৰণৰ লগতে এটি ক’ৰোনা সজাগতা শিৱিৰ অনুষ্ঠিত হয় ৷ উক্ত চেনিটাজাৰ বিতৰণ আৰু মাস্ক বিতৰণ অনুষ্ঠানটিত স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ তৰফৰ পৰা চহৰৰ ৰাজপথত চলাচল কৰা পথচাৰী সকলক মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰা হয় ৷ স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ তৰফৰ পৰা কেন্দ্ৰীয় সাংগঠনিক উপদ্দেষ্টা অসম নাথ,সাধাৰণ সম্পদাক মুনজ্যোতি নাথ,সম্পাদক মানবেন্দ্ৰ নাথ,হৰেন দাস,নিতুল বৰুৱা,প্ৰহ্লাদ শইকীয়া,নিতুল নাথ,এঞ্জেল বৰুৱা আদি উপস্থিত থাকে ৷ স্বেচ্ছাসেৱী অনুষ্ঠানটোবে আজি নগাঁও চহৰৰ লাওঁখোবা চাৰিআলি,নতুন পথাৰ, ঢাকাপট্টি,বৰবজাৰ, খুটিকটীয়া,শেনচোৱা, বেবেজীয়া,ফুলগুৰি,ৰহা আদি অঞ্চলত মাস্ক বিতৰণ আৰু চেনিটাইজাৰ বিতৰণৰে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰি আহিছে ৷ ক’ৰোনা দ্বিতীয় লহৰৰ সন্ত্ৰাসত দেশজুৰি সৃষ্টি হোবা ভয়াবহতাৰ বাবে ৰাইজ বহু শংকিত হৈ পৰা সময়েই ৰাইজৰ মাজত সদৌ অসম উন্নয়ন পৰিষদৰ এনে কাৰ্য্যক সচেতন মহলে শলাগ লৈছে ৷

Leave A Reply