Breaking

সংবাদ প্ৰতিষ্ঠানৰ মূখ্য কাৰ্যালয়ত বন্ধন বেংকৰ মাস্ক-ছেনিটাইজাৰ বিতৰণ

0 2,047

দেশজুৰি তীব্ৰগতিত কৰ’নাৰ গণসংক্ৰমণ অব্যাহত
২০২০ চনতকৈও অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰ’না ভাইৰাছে৷ ক’ভিড-১৯ত হাজাৰ হাজাৰ লোক আক্ৰান্ত হোৱাৰ লগতে বহু লোকে প্ৰাণ হেৰুৱাইছে৷ দিনে দিনে বাঢ়ি গৈছে আক্ৰান্ত ৰোগীৰ সংখ্যা৷ প্ৰশাসনে কৰ’নাৰ সংক্ৰমণ হ্ৰাস কৰিবলৈ জাৰি কৰিছে নতুন SOP৷ কিন্তু এই ভয়াৱহ দিনতো গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ লোকসকলে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি সম্পাদন কৰি গৈছে নিজৰ কৰ্তব্য৷ নিজৰ জীউটো বুকুত বান্ধি কৰ’না বাতৰিকে ধৰি বিভিন্ন বাতৰি যোগান ধৰিছে বিভিন্ন অঞ্চললৈ গৈ৷ এইদায়িত্বশীল লোকসকলৰ কথা ভবাটো আমাৰ সকলোৰে দায়িত্ব৷ সেয়ে বন্ধন কৰ্তৃপক্ষ ওলাই আহিছে লোকসকলক কিছু সকাহ দিবলৈ৷ যোৱাবৰ্ষতো বন্ধনৰ তৰফৰ পৰা সংবাদ মাধ্যমৰ লোকসকলৈ বন্ধন বেংকে আগবঢ়াইছিল মাস্ক আৰু ছেনিটাইজাৰ৷ এইবাৰো কৰ’না মহামাৰী ভয়াৱহতালৈ চাই বন্ধন বেংকৰ তৰফৰ পৰা গুৱাহাটীত থকা অসমৰ প্ৰতিটো সংবাদ প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয়লৈ গৈ বেংকৰ হৈ বন্ধন বেংকৰ ছিনিয়ৰ মাৰ্কেটিং মেনেজাৰ অজয় কুমাৰ শীল আৰু সমাজকৰ্মী নিতুল শৰ্মাই মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰে৷ বন্ধন কৰ্তৃপক্ষৰ এই মহানুভৱতাৰ শলাগ লয় সংবাদ মাধ্যমৰ লোকসকলে৷

Leave A Reply