Breaking

গুৱাহাটীস্থিত সংবাদ প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয়ৰ সাংবাদিক-সংবাদকৰ্মীৰ মাজত বন্ধন বেংকৰ তৰফৰ পৰা মাস্ক, ছেনিটাইজাৰ বিতৰণ

0 145

গুৱাহাটী

বৰ্তমান ক’ৰ’ণা মহামাৰীয়ে সমগ্ৰ বিশ্বতে এক মহামাৰীৰ ৰূপ ধাৰণ কৰিছে৷ ফলত মানৱ জাতি সংকটৰ গৰাহত৷ প্ৰতিগৰাকী লোক সন্মুখীন হৈছে এক বৃহৎ সমস্যাৰ৷ কিন্তু ইয়াৰ মাজতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ সাংবাদিক আৰু সংবাদকৰ্মীসকলে নিজৰ প্ৰাণটো বুকুত বান্ধি নিষ্ঠাৰে পালন কৰি গৈছে নিজৰ কৰ্তব্য আৰু দায়িত্ব৷ জনসাধাৰণক ডাঁৰৰ বাতৰি ডাঁৰে দি গৈছে প্ৰতিক্ষণ৷ সাংবাদিক আৰু সংবাদকৰ্মীসকলৰ এই দায়িত্ববোধৰ প্ৰতি সন্মান জনাই গুৱাহাটীস্থিত সংবাদ প্ৰতিষ্ঠানসমূহৰ মুখ্য কাৰ্যালয়ৰ সাংবাদিক আৰু সংবাদকৰ্মীসকলৰ মাজত বন্ধন বেংকৰ তৰফৰ পৰা মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰা হয়৷ ইয়াৰ নেতৃত্ব দিয়ে বন্ধন বেংকৰ অসমৰ জনসম্পৰ্কৰক্ষী বিষয়া অজয় কুমাৰ শীল, যুৱ সমাজকৰ্মী, সাংবাদিক মণ্টু কলিতা আৰু নিতুল শৰ্মাই৷  উল্লেখ্য, বন্ধন বেংকৰ পৰিচালন সঞ্চালক চন্দ্ৰ শেখৰ ঘোষে এই সংকটৰ সময়ত ব্যক্তিগতভাৱে দহ হাজাৰ পৰিয়ালক ইতিমধ্যে খাদ্য-সামগ্ৰী বিতৰণ কৰিছে৷ চলিত সপ্তাহতো অসমত পুনৰ এহাজাৰ পৰিয়ালক খাদ্য-সামগ্ৰী বিতৰণ কৰিব৷ লগতে জনসম্পৰ্কৰক্ষী বিষয়া অজয় কুমাৰ শীলে অসমীয়া জাতিৰ প্ৰাণস্বৰূপ বাপতি সাহোন ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে সংবাদ মাধ্যমৰ মুখ্য কাৰ্যালয়ৰ সাংবাদিক আৰু সংবাদকৰ্মীসকলক৷

Leave A Reply