Breaking

হাবিবৰঙাবাৰীত আলু বীজ বিতৰণ…

0 61

মৰিগাঁও জিলাৰ হাবিবৰঙাবাৰীত যোৱা কালি আলু বীজ আৰু সৰিয়হ বীজ বিতৰণ কৰা হয়। জানিব পৰা মতে, এখোজ কৃষক উৎপাদক কোম্পানী লিমিটেডৰ হাবিবৰঙাবাৰীস্থিত মূখ্য কাৰ্যালয়ত কোম্পানীটোৰ সদস্য সকলৰ মাজত ১৫০ কুইন্টল আলু বীজ আৰু ৬ কুইন্টল সৰিয়হ বিতৰণ কৰা হয়। এই বীজ বিতৰণ অনুষ্ঠানটোত এখোজ কৃষক উৎপাদক কোম্পানী লিমিটেডৰ তলতীয়া এমোণিয়া এফ আই জিৰ সম্পাদক মৃদুল নাৰায়ণ নাথ আৰু সদস্য দুলুমণি নাথ উপস্থিত থাকি সকলো কৃষকক অঞ্চলটোত কৃষি বিপ্লৱ অনাৰ লগতে যুৱক সকলক কৃষি কাৰ্যত জড়িত হৈ অঞ্চলটোক আগুৱাই লৈ যাবলৈ আহ্বান জনায়।

অসম চৰকাৰে এখোজ কৃষক কোম্পানী লিমিটেডৰ লৈ যোগান ধৰা আজিৰ এই বীজ বিতৰণ অনুষ্ঠানটোত কোম্পানীটোৰ মূখ্য পৰিচালক দীপাংকৰ হাজৰিকা আৰু সহকাৰী পৰিচালক আচিক হুছেইন খান উপস্থিত থাকি কোম্পানীক সহায় কৰা বাবে মৰিগাঁও জিলা কৃষি বিষয়া, জিলা নডেল বিষয়া, কৃষি উন্নয়ন বিষয়া আৰু ৰিচাৰ্চ টেকনিচিয়ানক ধন্যবাদ জ্ঞাপন কৰে।

Leave A Reply