Breaking

বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তীৰ লগত সংগতি ৰাখি ৪০০ টা পৰিয়ালক গছপুলি বিতৰণ…

0 93

বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তীৰ লগত সংগতি ৰাখি ৪০০ টা পৰিয়ালক গছপুলি বিতৰণ

জিলাখনৰ বিভিন্ন কাৰ্যালয়, ৰাজহুৱা স্থানত ব্যাপক চাফাই অভিযান- বাটৰ নাট

কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী উদযাপনৰ তৃতীয় দিনৰ কাৰ্যসূচীৰ অংশ হিচাপে আজি জিলাখনৰ অন্তৰ্গত বিভিন্ন চৰকাৰী কাৰ্যালয় আৰু ৰাজহুৱা স্থানত চাফাই অভিযান, বৃক্ষৰোপণ আৰু ৰক্তদান কাৰ্যসূচী সফলতাৰে অনুষ্ঠিত হয়। পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীত সকলো চৰকাৰী কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীয়ে অংশ লয়। তদুপৰি আজি জিলা প্ৰশাসনৰ উদ্যোগত উত্তৰ গুৱাহাটীৰ ৰংমহলস্থিত লক্ষ্যধৰ চৌধুৰী প্ৰেক্ষাগৃহত বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তীৰ লগত সংগতি ৰাখি ৪০০টা পৰিয়ালক ২ জোপাকৈ গছপুলি ৰোপণৰ বাবে আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়।

এই অনুষ্ঠানতে উক্ত চৌহদত এক বৃক্ষৰোপণৰ কাৰ্যসূচীৰ লগতে চাফাই অভিযানো অনুষ্ঠিত কৰা হয়। ইয়াৰ উপৰি অনুষ্ঠানৰ অংশ হিচাপে জিলাৰ অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে দুখন স্বচ্ছতা ভানৰো ফ্ৰেগ অফ কৰি যাত্ৰাৰ শুভাৰম্ভ কৰে। কামৰূপ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা প্ৰদান কৰা এই ভান দুখনে জিলাখনৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰৰ বিভিন্ন স্থান পৰিভ্ৰমণ কৰি স্বচ্ছতাৰ ওপৰত জন সচেতনতাৰ সৃষ্টি কৰিব। এই উপলক্ষে উক্ত অনুষ্ঠানত ৰাজ্যখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সংস্কৃতিৰ প্ৰতিফলনেৰে এক সাংস্কৃতিক অনুষ্ঠানো আয়োজন কৰা হয়। তদুপৰি বীৰ লাচিত বৰফুকনৰ বীৰত্বৰ অজেয় গাথা প্ৰতিফলনেৰে এখন বাটৰ নাটো মঞ্চস্থ কৰা হয়।

এই উপলক্ষে আয়োজিত সভাত আদৰণি ভাষণ প্ৰদান কৰি অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে বীৰ লাচিত বৰফুকনৰ বীৰত্ব, সাহস আৰু দেশপ্ৰেমৰ বিশেষভাৱে আলোকপাত কৰে। অনুষ্ঠানত বেজেৰা আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ ড০ বিচিত্ৰ নাৰায়ণ দাসেও বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰশ্মি প্ৰতাপ, নিৰ্বাচনী বিষয়া মানসজ্যোতি বৰা, জিলা তথ্য আৰু জনসংযোগ বিষয়া বংকিম চন্দ্ৰ ভাগৱতী, মুখ্যমন্ত্ৰীৰ বক্তিগত সহায়ক প্ৰাণজিত ডেকা, কামৰূপ জিলা পৰিষদৰ সদস্য নয়ন বৰাকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

Leave A Reply