Breaking

সোণাৰিত কৃষকলৈ ৰেহাই মূল্যত স্প্ৰেয়াৰ মেচিন বিতৰণ

0 2,031

কৃষকৰ আয় দুগুণ কৰিবলৈ চৰকাৰে লক্ষ্য নিৰ্ধাৰণ কৰিছে। চৰকাৰৰ আঁচনি সমূহৰ দ্বাৰা যাতে কৃষক সকল উপকৃত হয় সেয়াও লক্ষ্য ৰাখিছে চৰকাৰে। এই মন্তব্য যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ। সোণাৰিত কৃষকলৈ ৰেহাই মূল্যত স্প্ৰেয়াৰ মেছিন বিতৰণ কৰি এনেদৰে মন্তব্য প্ৰদান কৰে সাংসদ তপন কুমাৰ গগৈয়ে। চৰাইদেউ জিলা কৃষি বিভাগৰ উদ্যোগত সোণাৰিত আজি কৃষকৰ মাজত এক বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত অনুষ্ঠিত এই অনুষ্ঠানত চৰাইদেউ জিলাৰ ৪৫০ গৰাকী কৃষকলৈ ৰেহাই মূল্যত স্প্ৰেয়াৰ মেছিন বিতৰণ কৰা হয়। চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত জাভেদ আৰমান, জিলা কৃষি বিষয়া অৰুণ চাংকাকতীৰ উপস্থিতিত স্প্ৰেয়াৰ মেছিন সমূহ বিতৰণ কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে।

Leave A Reply