Breaking

বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস উপলক্ষে তেজপুৰ মাজ গাঁৱত বিনামূলীয়া স্বাস্থ্য শিৱিৰ জিলা প্ৰশাসনৰ

0 63

১৯৯১ চনৰ পৰাই প্ৰতি বছৰৰ ১ অক্টোবৰৰ দিনটো বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস হিচাবে উদযাপিত হৈ আহিছে। তাৰেই অংশ হিচাপে দেওবাৰে শোণিতপুৰ জিলা প্ৰশাসন, তেজপুৰ নিৰ্বাচনী বিষয়া, সামাজিক ন্যায় আৰু সবলীকৰণ উদ্যোগত আৰু মাজ গাঁও জ্যেষ্ঠ নাগৰিক মঞ্চ সহযোগত উদযাপন কৰা হয় বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস।

বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱসৰ লগত সংগতি ৰাখি তেজপুৰ মাজগাঁও জ্যেষ্ঠ নাগৰিক মঞ্চ কাৰ্যালয়ত আয়োজন কৰা হয় এক স্বাস্থ্য পৰীক্ষা শিবিৰ।

জিলা প্ৰশাসনৰ দ্বাৰা আয়োজন কৰা এই স্বাস্থ্য শিৱিৰত তেজপুৰ নগৰীয়া স্বাস্থ্য কেন্দ্ৰ স্বাস্থ্য বিষয়া ড০ প্ৰতীপ কুম্বাং, ড০ অন্তৰা কুণ্ডু, স্বাস্থ্য কৰ্মী জ্যোতিময় দত্তকে ধৰি কেন্দ্ৰটোৰ স্বাস্থ্য কৰ্মী আৰু আশাকৰ্মী সকলৰ সহযোগত জ্যেষ্ঠ নাগৰিকসকলক স্বাস্থ্য পৰীক্ষা কৰা লগতে বিনামূলীয়া ঔষধ যোগান ধৰা হয়।

এই স্বাস্থ্য পৰীক্ষা শিৱিৰত স্বাস্থ্য পৰীক্ষাত অংশগ্ৰহণ কৰা জ্যেষ্ঠ নাগৰিক সকলৰ স্বাস্থ্যৰ বুজ লবলৈ উপস্থিত হয় শোণিতপুৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, শোণিতপুৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ড০ জিয়াওদ্দিন আহমেদ, জিলা নগৰীয়া স্বাস্থ্য কেন্দ্ৰ সমন্বয়ক ৰাজ শইকীয়াকে ধৰি জিলা প্ৰশাসনৰ কেইবাজনো বিষয়া।

Leave A Reply