Breaking

ইণ্ডিয়া মিত্ৰজোঁটত বিভাজন স্পষ্টঃ পঞ্জাৱ আৰু চণ্ডীগড়ত অকলেই নিৰ্বাচনত অৱতীৰ্ণ হ’ব আপ…

0 23

‘ইণ্ডিয়া’ মিত্ৰজোঁটত এতিয়া ভাঙোন স্পষ্ট হৈ পৰিছে। কুছুদিন পূৰ্বে মিত্ৰজোঁটৰ পৰা আঁতৰি এনডিএত চামিল হৈছিল নীতিশ কুমাৰ৷ পৰৱৰ্তী সময়ত বংগকন্যা মমতাই স্থিতি গ্ৰহণ কৰিছিল কংগ্ৰেছৰ বিৰুদ্ধে৷ একেদৰে, ন্যায় যাত্ৰা চলি থকাৰ মাজতেই কংগ্ৰেছ আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে সৰব হৈছিল অখিলেশ যাদৱ৷ আৰু শেহতীয়াকৈ অৰবিন্দ কেজৰিৱালে মিত্ৰতা ভংগ কৰিলে ‘ইণ্ডিয়া’ৰ সৈতে৷ পঞ্জাৱ আৰু চণ্ডীগড়ত আম আদমী পাৰ্টীয়ে এককভাৱেই নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি ঘোষণা কৰিলে অৰবিন্দ কেজৰিৱালে৷ আম আদমী পাৰ্টিৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শনিবাৰে কয় যে পঞ্জাবত ‘ইণ্ডিয়া’ৰ সৈতে কোনো মিত্ৰতা নহ’ব৷ তেওঁ লগতে কয় যে তেওঁৰ দলে আগন্তুক সাধাৰণ নিৰ্বাচনত পঞ্জাব আৰু চণ্ডীগড়ৰ ১৪ খন লোকসভা আসনত অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব। তেওঁ কয়, আপে অনাগত দিনত পঞ্জাবৰ ১৩ খন আৰু চণ্ডীগড়ৰ এখন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিব।হজৰত নিজামুদ্দিনৰ বিষয়ে কোৱা হয় যে তেওঁৰ কেৱল ভাৰতৰেই নহয়, সমগ্ৰ বিশ্বৰ মুছলমানসকলৰ ওপৰতো প্ৰভাৱ আছিল।


নিজামুদ্দিন আউলিয়াৰ জন্ম উত্তৰ প্ৰদেশৰ ১২৩৮ খ্ৰীঃত চৈয়দ আব্দুল্লাবিন আহমেদ আল হুছেইনী বাদায়ুনি আৰু বিবি জুলেখাৰ ঘৰত হৈছিল। ২১ বছৰ বয়সত নিজামুদ্দিন চুফী সন্ত ফৰিদুদ্দিন গঞ্জশকাৰৰ শিষ্য হয়। চুফী সন্ত ফৰিদুদ্দিন গঞ্জশকাৰক বাবা ফৰিদ বুলিও জনা যায়।নিজামুদ্দিন দিল্লীৰ বহু ঠাইত আছিল আৰু অৱশেষত উত্তৰ প্ৰদেশৰ গিয়াচপুৰত বসতি স্থাপন কৰিছিল। তেওঁলোকে তেওঁলোকৰ খানকাহ (উপাসনাৰ স্থান আৰু চুফী ৰীতি-নীতি) নিৰ্মাণ কৰিছিল, ধনী আৰু দৰিদ্ৰ লোকে তাত ভিৰ কৰিছিল। নিজামুদ্দিন আউলিয়াৰ কিছুমান বিখ্যাত শিষ্য আছিল, যাৰ ভিতৰত আছিল শ্বেখ নাছিৰুদ্দিন চিৰাগ ডেলহাভি আৰু আমিৰ খুচৰো। ১৩২৫ চনৰ ৩ এপ্ৰিলত নিজামুদ্দিন আউলিয়াৰ মৃত্যু হয়। দিল্লীৰ হজৰত নিজামুদ্দিন দৰগাহ তেওঁৰ নামেৰে নামাকৰণ কৰা হৈছে। তেওঁৰ দৰগাহ ‘হজৰত নিজামুদ্দিন আউলিয়া মেহবুব-ই-ইলাহি দৰগাহ’ ১৫৬২ চনত নিৰ্মাণ কৰা হৈছিল আৰু দিল্লীৰ নিজামুদ্দিন পশ্চিম অঞ্চলত আছে। হজৰত নিজামুদ্দিন দৰগাহত প্ৰতিদিনে তীৰ্থযাত্ৰীৰ ভিৰ হয়। সন্ধিয়া, মানুহে ইয়ালৈ কাৱালী শুনিবলৈ আহে। কেৱল মুছলমানেই ইয়ালৈ নাহে, হিন্দুসকলেও প্ৰাৰ্থনা কৰিবলৈ ইয়ালৈ আহে।আপৰ এনে সিদ্ধান্তই লোকসভা নিৰ্বাচনত ইণ্ডিয়া মিত্ৰজোঁটৰ সম্ভাৱনাক ম্লান কৰি পেলাইছে।

Leave A Reply