গুৱাহাটী,৫ফেব্ৰুৱাৰী,২০২৫: Srimanta Shankar Academyগুৱাহাটীৰ দিছপুৰস্থিত শ্ৰীমন্ত শঙ্কৰ একাডেমীৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ দিব্য প্ৰতিম ভাগৱতীৰ”Little Verse “নামৰ প্ৰথম পদ্যৰ গ্ৰন্থ এখন আজি উন্মোচন কৰে বিদ্যালয়খনৰ অধ্যক্ষা ড০গীতা দত্ত বৰুৱাই। বিদ্যালয়ৰ প্ৰাৰ্থনা সভাত এই গ্ৰন্থখন উন্মোচনৰ সময়ত বিদ্যালয়খনৰ উপাধ্যক্ষকে প্ৰমুখ্য কৰি শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ -ছাত্ৰী সকল উপস্থিত থাকে।

ইংৰাজী, হিন্দী আৰু মাতৃ ভাষা অসমীয়াত লিখা এই পদ্য গ্ৰন্থখনত দিব্য প্ৰতিমৰ মুঠ৪৭টা পদ্য সংযোজন কৰা হৈছে। গ্ৰন্থখন গুৱাহাটীৰ পানবজাৰৰ অসম পাবলিচিং কোম্পানীয়ে প্ৰকাশ কৰিছে ।
উন্মোচন অনুষ্ঠানত অধ্যক্ষা ড০ গীতা দত্ত বৰুৱাই দিব্য প্ৰতিমক অভিনন্দন জনাই কয়, “এতিয়া এতিয়া ছাত্ৰৰ এনে সৃষ্টিশীল প্ৰয়াসই নতুন প্ৰজন্মক সাহিত্যৰ ক্ষেত্ৰত আগবাঢ়িবলৈ অনুপ্ৰাণিত কৰিব।”
গ্ৰন্থখনৰ সৃষ্টি আৰু উন্মোচনে বিদ্যালয়খনৰ গৌৰৱ বৃদ্ধিত সহায় কৰিছে আৰু এতিয়া সমগ্ৰ গুৱাহাটীতো চর্চাৰ বিষয় হৈ পৰিছে। বিদ্যালয় পৰিয়ালে ছাত্ৰগৰাকীৰ সাফল্যক উচ্চ প্ৰশংসা জনাই ভবিষ্যতত ছাত্ৰৰ অধিক সফলতাৰ কামনা কৰিছে। এই সৃষ্টিশীল প্ৰচেষ্টা শিশুসাহিত্যৰ নতুন দিশ মুকলি কৰি তুলিব বুলি আশা প্ৰকাশ কৰা হৈছে।