Breaking

লাহৰীঘাটৰ টেঙাগুৰিত দিব্যাংগ লোকৰ সজাগতা সভা

0 2,235

মৰিগাঁৱৰ লাহৰীঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত টেঙাগুৰি গাঁও পঞ্চায়তৰ সমূহীয়া ভৱনত সোমবাৰে বিশেষ বাবে সক্ষম লোক সকলে কেবাটাও দাবী সম্বলিত কাৰ্যসূচীৰে এখন  সভা অনুষ্ঠিত কৰে। সভাত উপস্থিত থাকে লাহৰিঘাট উন্নয়ন খণ্ডৰ খণ্ড বিষয়া।বিশেষ ভাৱে সক্ষম উন্নয়ন সমিতিয়ে চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ বিষয়া আমন্ত্ৰণ জনায় যদিও কোনো এটা বিভাগৰ পৰা সাহাৰি নোপোৱাত ক্ষোভ প্ৰকাশ সমিতিৰ ‌সভাপতি আতাবুৰ ৰহমানৰ।ইপিনে লাহৰিঘাট সমষ্টিৰ বিধায়ক ডাঃ আছিফ নাজাৰেও সভাত উপস্থিত থকাৰ কথা আছিল যদিও উপস্থিত নথকাত বিশেষ ভাৱে সক্ষম লোক সকলক অৱমনা কৰিছে বুলি  সভাপতি মন্তব্য আগবঢ়ায়। বিধায়ক পুজিৰ  ধন বিশেষ ভাৱে সক্ষম লোকক নিদিয়াৰ পৰিকল্পনাৰেই বিধায়ক জন  সভাত উপস্থিত নথকাৰ অভিযোগ উত্থাপিত কৰিছে সভাপতি আতাবুৰে।

Leave A Reply