Breaking

‘দেউতা জীয়াই থকালৈকে ঘৰত দীপাৱলী উদযাপন কৰা হোৱাই নাছিল’ আৱেগিক প্ৰিয়ংকা চোপ্ৰা…

0 145

প্ৰিয়ংকা চোপ্ৰাৰ শেহতীয়া এটা বক্তব্য ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে। পিতৃ কি? সেই সকলে বুজি পাই যাৰ জীৱনৰ পৰা দেউতাকৰ ছাঁ সোনকালে নাইকিয়া হৈ গ’ল। প্ৰিয়ংকা চোপ্ৰাৰ ক্ষেত্ৰতো একেধৰণৰ পৰিস্থিতি। প্ৰিয়ংকা চোপ্ৰাৰ পিতৃ অশোক চোপ্ৰা এই পৃথিৱীত নাই। কিন্তু অভিনেত্ৰীগৰাকীয়ে প্ৰতি মুহূৰ্ততে তেওঁক মনত পেলাই। শেহতীয়াকৈ এক সাক্ষাৎকাৰৰ সময়ত অভিনেত্ৰীগৰাকীয়ে পিতৃৰ কথা মনত পেলাই কয় যে পিতৃ থকালৈকে ঘৰতে দীপাৱলী পালন কৰা নাছিল। অভিনেত্ৰীগৰাকীৰ এই বক্তব্য ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে।

ইয়াৰ সমান্তৰালকৈ অভিনেত্ৰীগৰাকীয়ে কয় – দেউতাৰ মৃত্যু আগৰলৈকে তেওঁৰ লগত দীপাৱলী উদযাপন কৰিবলৈ মোৰ সময় নাছিল। যেতিয়া তেওঁ অসুস্থ হৈ পৰিছিল, তেতিয়া মোৰ বাবে সেয়া আছিল ডাঙৰ কথা। সেই মুহূৰ্তত মই বুজিলোঁ যে জীৱনটো বহুত চুটি। আমি অতি সৰু সৰু কথা ভাবো। আনহাতে আমাৰ চিন্তা কৰিবলগীয়া ডাঙৰ ডাঙৰ কথা আছে।

প্ৰিয়ংকা চোপ্ৰা দেউতাকৰ কিমান ঘনিষ্ঠ আছিল তাৰ প্ৰমাণ হাতৰ টেটু। অভিনেত্ৰীগৰাকীয়ে হাতত লিখি থৈছিল – ‘ডেডীৰ লিটিল গাৰ্ল।’ অভিনেত্ৰীগৰাকী অলপতে মুম্বাই MAMI চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ আহিছিল। এই মহোৎসৱত অভিনেত্ৰীগৰাকীৰ সৌন্দৰ্যক বহুত প্ৰশংসা কৰা হৈছিল। কিন্তু অভিনেত্ৰীগৰাকীয়ে তেওঁৰ ভনীয়েক পৰিনীতি চোপ্ৰাৰ বিয়াত উপস্থিত থাকিব নোৱাৰিলে।


Leave A Reply