Breaking

গৰ্ভাৱস্থাৰ প্ৰথম তিনিমাহত ভুলতেও নকৰিব এই সমূহ কাম, সমস্যাৰ সন্মুখীন হ’ব শিশুটি…

0 59

গৰ্ভাৱস্থাত মহিলাসকলে বিশেষ যত্ন লোৱাৰ প্ৰয়োজন। এই সময়ছোৱাত নাৰীৰ শৰীৰটো অতি সুক্ষ্ম হয়, সেয়েহে তেওঁলোকক অতিৰিক্ত যত্নৰ প্ৰয়োজন হয়।এই সময়ত অলপ অসাৱধানতা হ’লেও বহু গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। যিহেতু গৰ্ভাৱস্থাৰ আৰম্ভণিতে মহিলাৰ হৰম’ন আৰু শৰীৰত অহৰহ পৰিৱৰ্তন হ’বলৈ আৰম্ভ কৰে। গতিকে সেই অনুসৰি গৰ্ভাৱস্থাৰ যত্নৰ টিপছ মেনেজ কৰিব লাগে। গৰ্ভাৱস্থাৰ প্ৰথম তিনিমাহত যিকোনো ধৰণৰ অসাৱধানতা আৰু ভুলৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰা উচিত। কি কি কৰিব লাগে আৰু কি কৰিব নালাগে জানো আহক…

গৰ্ভাৱস্থাৰ প্ৰথম তিনিমাহত কি কৰিব নালাগে

গৰ্ভাৱস্থাৰ প্ৰথম তিনিমাহত কঠোৰ ব্যায়াম পৰিহাৰ কৰিব লাগে। অন্যথা বহু ধৰণৰ অসুবিধাৰ সৃষ্টি হ’ব পাৰে। আনকি গৰ্ভপাতৰ দৰে পৰিস্থিতিও হ’ব পাৰে। লগতে বেছি ওজনৰ বস্তু তুলিব নালাগে। যেনে বাল্টি পানী বা তেনেধৰণৰ বস্তু ব্যৱহাৰ কৰা উচিত নহয়।

ধূমপান অৰ্থাৎ মদ আৰু চিগাৰেট গৰ্ভাৱস্থাৰ পিছত বন্ধ কৰিব লাগে। বেছিকৈ চাহ-কফি খোৱাৰ পৰাও বিৰত থাকিব লাগে। ধূমপায়ীৰ সংস্পৰ্শলৈ অহাটোও এৰাই চলিব লাগে, কাৰণ এক ছেকেণ্ড ধোঁৱাই মাতৃ আৰু সন্তানৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে।

গৰ্ভৱতী মহিলাই নিজৰ মানসিক স্বাস্থ্যৰ বিশেষ যত্ন ল’ব লাগে। যিহেতু এই সময়ছোৱাত হৰম’ন আৰু শৰীৰত বহু পৰিৱৰ্তন ঘটে। এনে পৰিস্থিতিত মানসিক চাপও বহু পৰিমাণে বৃদ্ধি পায়, যিটো গৰ্ভাৱস্থাত একেবাৰেই ভাল বুলি গণ্য কৰা নহয়।

গৰ্ভাৱস্থাত কি কি কৰিব লাগে-

১) গৰ্ভাৱস্থাত খাদ্যই অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতিকে গৰ্ভাৱস্থাত বিশেষ সাৱধানতা অৱলম্বন কৰি উপযুক্ত সময়ত খাদ্য গ্ৰহণ কৰিব লাগে।
২) গৰ্ভাৱস্থাত নিয়মিতভাৱে চিকিৎসকৰ পৰামৰ্শ লোৱা। ইয়াৰ দ্বাৰা মাতৃ আৰু সন্তানৰ যত্ন লোৱাৰ বিষয়ে জনাত সহায় হয় আৰু লগতে যিকোনো সমস্যাৰ পৰা আৰোগ্য লাভ কৰাত সহায় কৰে।


Leave A Reply