Breaking

এদিনত কেঁচা পিঁয়াজ কিমান খাব লাগে জানেনে…

0 62

পিঁয়াজৰ প্ৰতিটো খাদ্যতে খাদ্যতে আমাক লাগে। শাক-পাচলিৰ পৰা আৰম্ভ কৰি যিকোনো টেঙা খাদ্যলৈকে সকলোতে পিঁয়াজ ব্যৱহাৰ কৰা হয়। কেঁচা পিঁয়াজ খোৱাৰ বহু পাৰ্শ্বক্ৰিয়া আছে। এদিনত কিমান পিঁয়াজ খাব লাগে আজি আপোনালোকক জনাম-

কেঁচা পিঁয়াজ খালে কিছুমান ব্যক্তিৰ পাচনতন্ত্ৰৰ সমস্যা হ’ব পাৰে। পিঁয়াজ খোৱাৰ ফলত গেছ, পেট ফুলা আৰু পেটৰ সমস্যা হ’ব পাৰে।

কেঁচা পিঁয়াজ খালে ভয়ংকৰ দুৰ্গন্ধৰ সৃষ্টি হয়। পিঁয়াজত পোৱা শক্তিশালী চালফাৰ ৰাসায়নিক পদাৰ্থই দুৰ্গন্ধ নিৰ্গত কৰে।

কিছুমান মানুহৰ কেঁচা পিঁয়াজৰ প্ৰতি এলাৰ্জি আছে। ইয়াৰ প্ৰতিক্ৰিয়া মৃদু খজুৱতি আৰু ফুলাৰ পৰা আৰম্ভ কৰি অধিক গুৰুতৰ সমস্যা হ’ব পাৰে।

কিছুমান মানুহৰ কেঁচা পিঁয়াজ খালে হাৰ্টবাৰ্ণ বা এচিড ৰিফ্লাক্স হ’ব পাৰে। হাৰ্টবাৰ্ণত আক্ৰান্ত লোকে কেঁচা পিঁয়াজ কমকৈ খাব লাগে। বিশেষকৈ ৰাতি শুই থকাৰ সময়ত।

কিছুমান ব্যক্তিৰ বাবে কেঁচা পিঁয়াজ খালে মাইগ্ৰেইনৰ সৃষ্টি হ’ব পাৰে। পিঁয়াজত টাইৰামিন থাকে যিয়ে মূৰৰ বিষৰ সৃষ্টি কৰিব পাৰে।

হৃদযন্ত্ৰ, বি পি বা ডায়েবেটিছৰ ঔষধ সেৱন কৰা লোকে কেঁচা পিয়াজ বেছি পৰিমাণে খাব নালাগে। ইয়াৰ ফলত তেওঁলোকৰ শাৰীৰিক সমস্যা বৃদ্ধি পাব পাৰে।

পাচলিত ১-২ টা পিঁয়াজো দিব লাগে। ইয়াতকৈ বেছি পিঁয়াজ খোৱাটো শৰীৰৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে।

Leave A Reply