Breaking

জানেনে, চুলি বেপাৰীজনৰ কোটি টকাৰ ব্যৱসায়! কিন্তু সৰা চুলিৰ বিনিময়ত আপুনি বাচনহে পায়!

0 49

আপুনি জানেনে আপোনাৰ সৰা চুলি খিনিৰ মূল্য কিমান! জানি আচৰিত হ’ব যে আপোনাৰ চুলিখিনি কেৱল ১০০-২০০ টকাত নহয়, ২৫ৰ পৰা ৩০ হাজাৰ টকাত বিক্ৰী হয়।

হয়তো আপোনাকো কোনোৱে চুলিৰ সলনি বাচন বা টকা দিবলৈ আহিব। কেইটামান পইচা দিয়া এই ব্যক্তিজন কোটি কোটি টকাৰ ব্যৱসায়ৰ এটা অংশ।

আপোনাৰ চুলিখিনি সংগ্ৰহ কৰি বহিঃৰাজ্যত কোটি কোটি টকাত বিক্ৰী কৰা হয় বহুত বেছি দামত। ভাৰতৰ চুলি চীন, মালয়েছিয়া, থাইলেণ্ড, বাংলাদেশ, শ্ৰীলংকা, মালদ্বীপ, আদি দেশত বিক্ৰী হয়।

চুলিৰ ব্যৱসায়ত চুলিৰ এক বৃহৎ অংশ মন্দিৰত দান কৰা চুলিৰ পৰা লোৱা হয়। মন্দিৰৰ পৰা চুলিবোৰ এটা কাৰখানালৈ যায়। এই চুলিবোৰ কাৰখানাত পোন কৰা হয়। চুলিখিনি খুলি বাণ্ডিল কৰি লোৱা হয়।

চুলিবোৰ বাণ্ডিল বনাই ধুই শুকুৱাই লোৱা হয়। ইয়াৰ পাছত এই বাণ্ডিলটো যিদৰে আছে তেনেদৰেই বিদেশত বিক্ৰী কৰা হয়। বিদেশতে এই প্ৰাকৃতিক চুলিৰ বৃহৎ ব্যৱসায় আৰম্ভ হয়।

প্ৰতি কেজিত প্ৰায় ৭-৮ হাজাৰ টকাত বিক্ৰী হয় যদিও ইয়াৰ বিপৰীতে বহু দীঘল চুলিৰ দামও প্ৰতি কেজিত ২৫ হাজাৰ টকা।

Leave A Reply