Breaking

হিন্দু ধৰ্মৰ বিবাহত চাউল কিয় চটিওৱা হয় জানেনে ইয়াৰ ৰহস্য…

0 98

ছোৱালীক ঘৰৰ লখিমী বুলি গণ্য কৰা হয়। যেতিয়া এগৰাকী ছোৱালীক বিয়া দিয়া হয় তেতিয়া কিয় কইনাই চাউ চটিওৱা পৰ্ব কৰে জানেনে! হিন্দু ধৰ্মত কইনাই বিদায়ৰ সময়ত চাউল চটিওৱা কৰা ৰীতি-নীতি আছে, য’ত ছোৱালীজনীয়ে নিজৰ ঘৰখন ধন-সম্পত্তিৰে ভৰপূৰ হোৱাৰ বাবে প্ৰাৰ্থনা কৰে। বিদায়ৰ এই মুহূৰ্তটোৱে সকলোকে আৱেগিক কৰি তোলে। হিন্দু ধৰ্মত কৰা আচাৰ-ব্যৱহাৰ সমগ্ৰ বিশ্বতে বিখ্যাত। বিবাহত কৰা ৰীতি-নীতি ধৰ্মীয় ভাৱে অতি শুভ বুলি গণ্য কৰা হয় আৰু এই সম্পৰ্কবোৰো ক’ৰবাত আমাৰ দেৱ-দেৱীৰ লগত জড়িত। যদিও বিবাহত বহু ৰীতি-নীতি কৰা হয়, কিন্তু আজি আমি সেই বিদায়ৰ সময়ৰ কথা ক’বলৈ ওলাইছো যেতিয়া কইনাই এৰি যোৱাৰ মুহূৰ্ত্তোৱে সকলোকে আৱেগিক কৰি তোলে আৰু তাতোকৈ বেছি যেতিয়া কইনাজনীয়ে চাউল চটিয়াই ঘৰৰ পৰা ওলাই যায়। কিন্তু আপুনি জানেনে বিদায়ৰ সময়ত কইনাজনীয়ে কিয় চাউল পেলাই থৈ যায়-

কইনা গুচি যোৱাৰ সময়ত দুয়োহাতেৰে পাঁচবাৰকৈ চাউল ওপৰলৈ তুলি পিছলৈ দলিয়াই দিয়ে আৰু পৰিয়ালৰ লোকে গোটাই লয়। এই চাউল বা ধানক মংগল প্ৰতীক বুলি গণ্য কৰা হয়।

  • চাউল নিক্ষেপ কৰা অনুষ্ঠানটোক এক প্ৰকাৰৰ প্ৰাৰ্থনাৰ প্ৰতীক বুলি গণ্য কৰা হয়। কোৱা হয় যে কইনা ঘৰৰ পৰা ওলাই গৈছে যদিও ঘৰত সদায় সুখ আৰু সমৃদ্ধি থাকিব লাগে তাৰ বাবে পৰিয়ালৰ লোকৰ বাবে সদায় প্ৰাৰ্থনা কৰে।
  • হিন্দু ধৰ্মত চাউল অতি শুভ বুলি গণ্য কৰা হয়। বহু ধৰ্মীয় গ্ৰন্থত ইয়াৰ ব্যৱহাৰ কৰা হয়। এই আচাৰ-ব্যৱহাৰৰ দ্বাৰা কইনাৰ পৰিয়ালৰ লোকক কু-দৃষ্টিৰ পৰা ৰক্ষা কৰা হয় বুলি বিশ্বাস কৰা হয়।
  • কইনাৰ চাউল পেলোৱাটো তাইৰ ঘৰৰ ধন-সম্পত্তিৰ লগত জড়িত। ঘৰৰ পৰা ওলাই আহি কইনাৰ ঘৰৰ সদস্যৰ বাবে ধন-সম্পত্তি কামনা কৰে।

যিহেতু ছোৱালী ঘৰৰ লখিমী , গতিকে ছোৱালীক বিযা দিয়াৰ সময়ত এই চাউল চটিওৱা পৰ্ব এইবাবেই কৰা হয় যাতে কইনা লগতে কইনা ঘৰৰ লখিমীও যাতে ওলাই নাযায়য

চাউল চটিওৱা অনুষ্ঠানেৰে কইনাই নিজৰ ঘৰখন খাদ্যৰে ভৰাই দিয়ে। কইনাৰ ঘৰত কেতিয়াও কোনো বস্তুৰ অভাৱ হ’ব নালাগে, গতিকে বিদায়ৰ সময়ত কইনা চাউল পেলোৱা পৰ্ব কৰে।

Leave A Reply