Breaking

মধুৰীআম খাব আপুনি বেয়া পায় নেকি ? মধুৰীআমত লুকাই আছে বহু উপকাৰিতা …

0 140

সুস্বাদু দেশীয় ফল হিচাপে মধুৰীআমৰ বহু জনপ্রিয় ফল। বিশেষকৈ গছত পকা মধুৰীআম হলে তো কথাই নাই । সকলোৰে সাংঘাটিক পছন্দৰ এটি ফল মধুৰীআম । পছন্দৰ হলেও বতৰত প্ৰতিদিনে কোনেও মধুৰীআম নাখায়। কিন্তু আপুনি জানেনে , প্ৰতিদিনে মাত্র এটা মধুৰীআমে আপোনাৰ নানা ধৰণৰ শাৰীৰিক সমস্যা খুব সহজেই দূৰ কৰি দিব পাৰে। আহক জানি লও দিনে মাত্র এটা মধুৰীআম খোৱাৰ অসাধাৰণ সুফল।

১) চুলি সৰা ৰোধ কৰে :


মধুৰীআমত থকা ভিটামিন চি য়ে চুলি সৰা ৰোধিবলৈ বিশেষভাবে কাৰ্যকৰী । ইয়াৰোপৰি প্ৰতিদিনে মাত্র এটা মধুৰীআম খালে চুলি নতুনকৈ গজাতো সহায় কৰে।

২) ছালৰ নানা সমস্যা দূৰ কৰে :


মধুৰীআমৰ প্রায় ৮১% পানী । গতিকে মধুৰীআম খালে দেহ পানীশূন্যতাৰ পৰা ৰক্ষা পায়, ত্বক সুস্থ থাকে। মধুৰীআমৰ ভিটামিন চি ছালৰ কোলাজেন কোষৰ সুৰক্ষাত সহায় কৰে। ইয়াৰোপৰি মধুৰীআমৰ ভিটামিন এ, বি, চি, পটাছিয়াম আৰু অ্যান্টিঅক্সিডেন্টে ছালত বয়সৰ ছাপ পৰা ৰোধিবলৈ সহায় কৰে ।

৩) মস্তিস্কৰ সুৰক্ষা কৰে:


মধুৰীআম আমাৰ মস্তিষ্কৰ সুৰক্ষাৰ কাম কৰে। মধুৰীআমত থকা ভিটামিন B3 আৰু B6 এ আমাৰ মস্তিস্কৰ নার্ভ ৰিলাক্স কৰাত সহায়তা কৰে। ইয়াৰ ফলত মস্তিস্কৰ কর্মক্ষমতা বৃদ্ধি পায়।

৪) নার্ভ আৰু মাংসপেশী শিথিল (relax)কৰে:


মধুৰীআমত থাকে প্ৰচুৰ পৰিমাণে মেগনেছিয়াম যিয়ে বহুত কঠিন পৰিশ্ৰমৰ পিছত আমাৰ মাংসপেশী শিথিল কৰাত সহায়তা কৰে। ইয়াৰোপৰি নার্ভ ৰিলাক্স কৰে, যাৰ ফলত আৰাম অনুভৱ কৰো।

৫) উচ্চ ৰক্তচাপ নিয়ন্ত্রণত ৰাখে:


মধুৰীআমৰ পটাছিয়াম উচ্চ ৰক্তচাপ নিয়ন্ত্রণত ৰাখে। গতিকে উচ্চ ৰক্তচাপৰ ৰোগীয়ে দিনে অন্ততঃ এটা মধুৰীআম খোৱা ভাল ।

৬) দৃষ্টিশক্তি প্ৰখৰ কৰে:


মধুৰীআম আৰু গাজৰ দুয়োটাতেই সমপৰিমাণৰ ৰেটিনল বা ভিটামিন এ থাকে । যদি গাজৰ খাই ভাল নালাগে তেতিয়া হলে এটা মধুৰীআম খায়ো দৃষ্টিশক্তি উন্নত কৰিব পাৰে।

৭) হজমৰ সমস্যা সমাধান কৰে আৰু ওজন কমাব পাৰি :


মধুৰীআমত আছে প্ৰচুৰ পৰিমাণে ফাইবাৰ । যিয়ে হজমৰ সমস্যা সমাধান কৰে। ইয়াৰোপৰি মধুৰীআম এবিধ ভাল স্ন্যাক্চ্। অস্বাস্থ্যকৰ চিপচ, বিস্কুট নাখাই ফাইবাৰ সমৃদ্ধ মধুৰীআম এটা খোৱা বহুত ভাল । বহুসময়লৈ ভোকৰ উদ্রেক নহয়। মধুৰীআম তেজৰ শৰ্কৰা(sugar)ৰ মাত্রা কমোৱাৰ বাবেও বিশেষভাবে কাৰ্যকৰী।

৮। মধুৰীআমে ডায়েৰিয়াৰ বিৰুদ্ধে যুঁজিব পাৰে

গতিকে নিয়মিত মধুৰীআম খালে ডায়েৰিয়া হোৱাৰ আশঙ্কা বহুখিনি কমি যায় । মধুৰীআমৰ আছে ব্যাকটেৰিয়াৰ বিৰুদ্ধে যুঁজ কৰাৰ ক্ষমতা।

৯। কেঞ্চাৰ প্ৰতিৰোধী :


কেঞ্চাৰ প্ৰতিৰোধক হিচাপেও মধুৰীআমে কাম কৰে ।ইয়াত থকা অ্যান্টিঅক্সিডেন্ট, লাইকোপেন, কেঞ্চাৰ কোষৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়িব পাৰে । নিৰ্দিষ্টকৈ কব গলে, প্রোস্টেট কেঞ্চাৰ আৰু স্তন কেঞ্চাৰৰ বাবে মধুৰীআম বৰ উপকাৰী

উপকারী ফল হিচাপে মধুৰীআমত প্ৰচুৰ পৰিমানে ভিটামিন এ,বি, চি, লাইকোপেন, পটাছিয়াম আৰু ফাইবাৰ থাকে । পুষ্টিগুনেৰে ভৰপুৰ এই ফলৰ পাতো আমাৰ স্বাস্থ্যৰ বাবে কম উপকাৰী নহয়। আহকচোন , এই মধুৰীআমৰ পাতৰ কিছুমান বিস্ময়কৰ উপকাৰিতা সম্পর্কে জানি লওঁ।

. শৰীৰৰ ওজন কমোৱাত সাহায্য কৰে:


মধুৰীআমৰ পাতে। জটিল কার্বহাইড্রেটক চেনীলৈ ৰূপান্তৰিত হোৱাত বাধা দিয়ে। এই ধৰণৰ চেনী অতিৰিক্ত ক্ষুধা আৰু ওজন বৃদ্ধিৰ বাবে দায়ী। এই কাৰনেই মধুৰীআমৰ পাত ওজন কমোৱাত ইমান কাৰ্যকৰী ।

পৰিপাকতন্ত্রৰ সমস্যা দুৰ কৰাত সাহায্য কৰে:


মধুৰীআম পাতত ব্যাক্টেৰিয়া প্ৰতিৰোধী শক্তি থকা বাবে ই অন্ত্রক আৰু বেছি ক্ষাৰীয় কৰি তোলে অন্ত্ৰত জীবানু বৃদ্ধি ৰোধ কৰিব পাৰে ।তদুপৰি ই পৰিপাক প্ৰনালীৰ কামত বাধা সৃষ্টিকাৰী অতিৰিক্ত মিউকাস ক্ষৰণ ৰোধ কৰিব পাৰে । গতিকে পৰিপাকতন্ত্রৰ সমস্যা আৰু ডায়েৰিয়া প্রতিৰোধত মধুৰীআমৰ পাত অত্যন্ত উপকাৰী।

ডায়েবেটিজ ৰ প্রভাব কমোৱাত সহায় কৰে :


মধুৰীআমৰ পাতে শৰীৰৰ ইনচুলিনৰ মাত্রা বৃদ্ধি নকৰাকৈয়ে চুগাৰৰ পৰিমাণ কমাই দিব পাৰে। ফলস্বৰূপে ই ডায়েবেটিজ নিয়ন্ত্ৰনত সহায়ক হিচাপে পৰিগণিত হয়।

. কেঞ্চাৰৰ নিচিনা ৰোগৰ বিৰুদ্ধে সহায়ক হয় :


মধুৰীআমৰ পাতত প্ৰচুৰ পৰিমানে অ্যান্টিঅক্সিডেন্ট লাইকোপেন থকা বাবে ই স্তন কেঞ্চাৰ , জৰায়ু কেঞ্চাৰ আৰু মুখৰ কেঞ্চাৰৰ বিৰুদ্ধে বিশেষভাবে কাৰ্যকৰী । গবেষনাত দেখা যায় যে, জৰায়ু কেঞ্চাৰ বৃদ্ধিৰ বাবে দায়ী অ্যান্ড্রোজেন সৃষ্টি ৰোধিবলৈ মধুৰীআমৰ পাতৰ ৰসৰ বিশেষ ভুমিকা থাকে।

. চর্দি-কাহ নিৰাময়ত সহায় কৰে :


ব্রংকাইটিচৰ নিচিনা ৰোগ উপশম লগতে চর্দি কাহ নিৰাময়তো মধুৰীআমৰ পাতে সহায় কৰে। গ্রীষ্মমণ্ডলীয় অঞ্চলৰ কেঁচা ফলত থাকে প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু আইৰণ যিয়ে অতিৰিক্ত মিউকাচ ক্ষৰণত বাধা দিয়ে আৰু জীবানুৰ বংশবৃদ্ধি ৰোধ কৰে । এইখিনিতে মনত ৰখা প্রয়োজন যে, এইক্ষেত্ৰত কেঁচা মধুৰীআম কাৰ্যকৰী হলেও পকা মধুৰীআমে আকৌ উল্টা ফলাফল দিব পাৰে অর্থাৎ চর্দি-কাহৰ প্রকোপ বঢ়াই তুলিব পাৰে।

. এলাৰ্জীৰ পার্শ্বপ্রতিক্রিয়া ৰোধ কৰি:


মধুৰীআমৰ পাতে দেহৰ হিস্টামিন তৈয়াৰৰ প্রক্রিয়া নিৰাময় কৰি এলাৰ্জীৰ পার্শ্বপ্রতিক্রিয়া কমাব পাৰে । ইয়াৰোপৰি পোক পতংগই কামুৰিলে ফুলি উঠা কমোৱাৰ বাবে মধুৰীআমৰ পাত ব্যবহাৰ কৰা হয়।

৭. দাতৰ আলুৰ পৰা তেজ ওলোৱা, মুখৰ ঘা অথবা মুখৰ বিষৰ উপশমৰ বাবে
মধুৰীআমৰ পাত কিছুসময় চোবাই থাকিব লাগে ।বহুখিনি আৰাম পোৱা যায়।

ব্রন কমোৱাত সহায় কৰে :


মধুৰীআমৰ পাত খুন্দি ব্রণৰ ওপৰত লগালে পাতত থকা ভিটামিন চিয়ে ব্ৰণ কমায়। এই পদ্ধতিৰে মুখমণ্ডলৰ কলাদাগো দুৰ কৰিব পৰা যায়, মাত্ৰ লগত অলপ পানী মিহলাই লব লাগে।

অকাল বার্ধক্যৰ ছাপ দুৰ কৰে:


ওপৰৰ পদ্ধতিত মুখত মধুৰীআমৰ পাত পিহি লগালে কম বয়সতে মুখলৈ অহা বয়সৰ ছাপো দুৰ কৰিব পাৰি ।গতিকে সুন্দৰ ত্বক পাবলৈ মধুৰীআম খাওক অথবা কোমল পাত বা মধুৰীআম পেস্ট বনাই মুখত লগালে সুফল পোৱা যায় ।

চুলি সৰা বন্ধ কৰাত সহায়ক:


গৰম পানীত মধুৰীআমৰ পাত সিদ্ধ কৰি চুলিত লগাই চুলি সৰা ৰোধ কৰিব পৰা যায়। মুৰত লগোৱাৰ আগেয়ে পানী ঠাণ্ডা কৰি লব লাগে।

ৰক্তচাপ নিয়ন্ত্ৰনত ৰখাত সহায় কৰে :


মধুৰীআমৰ পাত তেজক অতিৰিক্ত ঘন হব নিদিয়ে আৰু দেহত ৰক্তসঞ্চালন সচল ৰাখি ৰক্তচাপ নিয়ন্ত্ৰনত ৰাখে। মধুৰীআমৰ পাত উচ্চ ফাইবাৰযুক্ত আৰু হাইপোগ্লাইসেমিয়া ধর্মী হোৱা বাবে ই সহজেই উচ্চ ৰক্তচাপৰ বিৰুদ্ধে কাম কৰিব পাৰে ।

মস্তিষ্ক সুস্থ ৰখাত সহায় কৰে:


মধুৰীআমৰ পাতত প্ৰচুৰ পৰিমানে ভিটামিন B3 আৰু B6 থাকে বাবে ই মস্তিষ্কৰ কার্যক্ষমতা বৃদ্ধি কৰে ।তেজ চলাচল আৰু মনোযোগ বৃদ্ধিত ভিটামিন B3 য়ে গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে ।

থাইৰয়ডৰ কার্যক্রম সুস্থ আৰু সচল ৰাখে

Leave A Reply