Breaking

আপুনি ভাড়া থাকে নেকি ? তেন্তে জানক এই নিয়ম

0 293

১/ আপুনি যদিহে ভাড়াঘৰত থাকিব বিচাৰিছে তেন্তে এখন চুক্তিপত্ৰ তৈয়াৰ কৰি লওঁক।  চুক্তিপত্ৰ ৰখাটো ভাড়াত থকাজন আৰু ভাড়া দিয়া জন, দুইজনৰ বাবেই গুৰুত্বপূৰ্ণ।

২/ যদিহে আপুনি বসবাসৰ বাবে কাৰোবাৰ ঘৰত ভাড়াতীয়া হিচাপে থাকিব বিচাৰিছে তেন্তে ঘৰৰ মালিকে দুই মাহৰ ‘চিকিউৰিটি মানি’ আপোনাৰ পৰা ল’ব পাৰে। যদিহে ব্যৱসায়িক কাৰণত আপুনি ঘৰ ভাড়া কৰিব খুজিছে তেন্তে ছয় মাহ পৰ্যন্ত ‘চিকিউৰিটি মানি’ আপোনাৰ পৰা ল’ব পাৰে।

৩/ আপোনাৰ অনুমতি অবিহনে আপুনি থকা ভাড়া ঘৰৰ ভিতৰলৈ মালিক সোমাই আহিব নোৱাৰে।

৪/ আপুনি ভাড়া নিদিলে বুলিয়েই ২ মাহ পৰ্যন্ত মালিকে আপোনাৰ মৌলিক সুবিধাসমূহ যেনে পানী, বিজুলী আদি ব্যৱহাৰ কৰাত আপোনাক বাধা দিব নোৱাৰে।

৫/ আপুনি যি ধৰ্মৰ লোক হওক লাগিলে, ধৰ্মৰ ভিত্তিত মালিকে আপোনাক ভাড়া ঘৰ নিদিয়াকৈ থাকিব নোৱাৰে বা ঘৰৰ পৰা উলিয়াই দিব নোৱাৰে।

৬/ আপুনি ঘৰ ভাড়া দিওতে মালিকে প্ৰতি মাহতে স্বাক্ষৰ সম্বলিত ৰচিদ প্ৰদান কৰিব লাগিব।

৭/ কিবা জৰুৰী কাৰণত আপোনাৰ ভাড়া ঘৰৰ মালিকে আপোনাক উলিয়াই পঠাব বিচাৰিলে অন্ততঃ ১৫ দিনৰ আগতে আপোনাক জাননী জাৰি কৰিব লাগিব।

৮/ আপুনি থকা ঘৰটো পুৰণি হ’লে বা স্বাভাৱিকভাবে ক্ষয় -ক্ষতি হ’লে তাক মেৰামতি কৰাৰ দায়িত্ব সাধাৰণতে আপোনাৰ মালিকৰ। যদি আপুনি নিজেই মেৰামতি কৰে তেন্তে তাৰ খৰচ আপুনি মালিকক বিচাৰিব পাৰে।

৯/ দুই বছৰ নোহোৱাকৈ আপোনাৰ মালিকে ঘৰ ভাড়াৰ মূল্য বৃদ্ধি কৰিব নোৱাৰে।

১০/ ভাড়া ঘৰৰ মালিকে পানী, বিজুলী, শৌচালয় আদি মৌলিক প্ৰয়োজন সমূহৰ ব্যৱস্থা কৰি দিয়াটো জৰুৰী।

Leave A Reply