Breaking

ডবকাত ধান ক্ৰয় কেন্দ্ৰ মুকলি : উৎফল্লিত কৃষক ৰাইজ : দুষ্ট চক্ৰৰ গভীৰ ষড়যন্ত্ৰ

0 2,368

ডবকা, ২৭ ডিচেম্বৰঃ হোজাই জিলাৰ ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত চাংমাজি গাৱত শনিবাৰে হোজাই জিলা যোগান বিভাগৰ দ্বাৰা এটি ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰা হয়, যদিও এটা চক্ৰই গভীৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ উত্তাপন কৰিছে শশ কৃষক সকলে৷ প্ৰথমে ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰাক  লৈ বৃহত্তৰ ডবকা অঞ্চলৰ কৃষক উৎফল্লিত হোৱা দেখা গৈছিল ৷ বাতৰি অনুসৰি বৃহত্তৰ ডবকা অঞ্চলৰ কৃষিজীৱী ৰাইজে নিজৰ উৎপাদিত ধান বিক্ৰি কৰাৰ বাবে দীৰ্ঘদিন ধৰি এখন উপযুক্ত বজাৰ পোৱা নাছিল ৷ যাৰবাবে কৃষিজীৱী ৰাইজে নিজে উৎপাদন কৰা ধান পানীৰ দৰত বিক্ৰি কৰিবলগীয়া হৈছিল আৰু এক বৃহত লোকচানৰ সন্মুখীন হব লগা হৈছিল ৷ কৃষিজীৱী ৰাইজৰ প্ৰবল দাবীৰ প্ৰতি সহাৰি জনাই এইবাৰ অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান পৰিসমিতিৰ অধীনত হোজাই জিলা প্ৰশাসনৰ সহযোগত ডবকাৰ চাংমাজি গাৱত এটি ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰা হয় ৷ মুকলি কৰাৰ সময়ত হোজাই জিলা খাদ্য অসামৰিক যোগান বিভাগৰ সহকাৰী অধীক্ষক, যোগান পৰিদৰ্শকে আদি কৰি গন্য মান্য ব্যক্তি সকল উপস্থিত থাকে ৷ আনহাতে এই কেন্দ্ৰটো বন্ধ কৰাৰ বাবে এটি দুষ্ট চক্ৰই উঠি পৰি লগাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ কৃষক ৰাইজে এইটো গৰিহনা দিয়াৰ লগতে দুষ্ট চক্ৰটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহন কৰিবলৈ হোজাই জিলা প্ৰশাসনৰ ওচৰত দাবী জনাই ৷ উল্লেখ্য যে যোৱা বছৰো এটি ধান ক্ৰয় কেন্দ্ৰ খোলা হৈছিল ৷ কিন্তু তাত প্ৰকৃত কৃষকৰ পৰিবৰ্তে একাংশ মধ্যভোগী একাংশ বিষয়াৰ লগত মিলি ব্যাপক দুৰ্ণীতি ৰ অভিযোগ উত্থাপিত হৈছিল ৷ তাৰ পাছত খেলিমেলিৰ বাবে কেন্দ্ৰ টো বন্ধ কৰি দিয়া হৈছিল ৷ পাছত কৃষক ৰাইজৰ মাজত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ডবকাৰ ধান ক্ৰয় কেন্দ্ৰ টো যাতে কোনো পধ্যেই চক্ৰটোৱে আতৰাই দিব নোৱাৰে তাৰ বাবে প্ৰয়োজনীয় প্ৰশাসনে পদক্ষেপ গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰে। ডবকা জাব্ৰাকোৱাৰ ধান ক্ৰয় কেন্দ্ৰটো বিভাগে কৃষক সকলৰ স্বাৰ্থত জাব্ৰাকোৱাৰ পৰা আতৰাই যাতে কঠিয়াতলি লৈ নাযায়, তাৰ বাবে কৃষক ৰাইজে দাবী উত্থাপন কৰে। দুই এজনৰ স্বাৰ্থত ব্যাঘাত জন্মাৰ বাবে শনিবাৰে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় যদিও আজি দণ্ডাধীশ আৰু শাসকীয় দলৰ লোকে পৰিস্থিতিৰ বুজ লোৱা পৰিলক্ষিত হয়। 

Leave A Reply