Breaking

ডাক্তৰৰ কথা : ডাক্তৰ শোৱা নাই, অনিঃশেষ কৃতজ্ঞতা ।

0 733

 ✍ ৰাজীৱ কমল শইকীয়া

অনুজীৱৰ ত্ৰাসৰ এই সময়ছোৱাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ চৰকাৰী, বেচৰকাৰী হাস্পতালৰ অনেক চিকিৎসক তথা চিকিৎসা কৰ্মীও কৰ’ণাত আক্ৰান্ত হৈছে। বৰ্তমান মানৱ জাতিৰ মূল ৰক্ষকৰ ভূমিকাত অৱতীৰ্ণ এই লোকসকলৰ মাজৰ বহু গৰাকীয়ে সমৰ্পণৰ জড়িয়তে অদৃশ্য শত্ৰুৰ লগত কৰা যুদ্ধখনত জীৱন হেৰুওৱাৰ বাতৰিও আমি শুনিবলৈ পাইছোঁ। তথাপিও স্থবিৰ যোৱা নাই চিকিৎসক বা এই সেৱাৰ লগত সংযুক্ত অন্য সকলৰ অকৃত্ৰিম দায়বদ্ধ-কৰ্তব্য। বীজাণু বিধৰ অতি দ্ৰুত প্ৰসাৰতা ৰোধ কৰি দি মানৱ জাতিক কৰ’ণামুক্ত কৰি তুলিবলৈ অতন্দ্ৰতাৰে কৰ্মত মগ্ন এই সকল দেৱ-তুল্য মানুহৰ বিৰামহীন সেৱা দেখি শ্ৰদ্ধাত শিৰ দোঁখাই আহে। বাতৰিত আমি সকলোৱে দেখিবলৈ পাইছোঁ গৰমৰ কথা চিন্তা নকৰাকৈয়ে বাতানুকুল বা অবাতানুকুল সকলো হস্পিতাল, কোৱাৰেণটাইন শিবিৰ ইত্যাদি সকলোতে নি:সংকোচে পিপিই কিট পৰিধান কৰি কভিড-১৯ৰ চিকিৎসা আগবঢ়াই থকা তেখেতসকলৰ ছবি বা দৃশ্য-শ্ৰৱ্য ৰূপ। তাক দেখি প্ৰতিজন অনুভৱী মানুহে নিৰলে উচুপি উঠিছে। নিজৰ পৰিয়াল-পৰিজনৰ পৰা দূৰ হৈ থাকি, মানৱ জাতিক হতাশ হৈ যাবলৈ নিদিয়াকৈ ৰাখি, এই চৰম বিপদ সংকুলতাৰ পৰা পৰিত্ৰাণৰ অৰ্থেও কি কৰা নাই তেখেত সকলে। সংকট-মোচনৰ উদ্দেশ্যেৰে তেখেতসকলে কৰা ত্যাগৰ ওচৰত ঋণগ্ৰস্ত আমি কিয়েইবা কৰিব পাৰোঁ, মাথোঁ অন্তৰ পৰা অনিঃশেষ কৃতজ্ঞতা আগবঢ়ালোঁ লগতে প্ৰাৰ্থনাত চামিল কৰি ললোঁ তেখেত সকলৰ কুশল কামনাৰ কথাও। একবিংশ শতিকাৰ এই সময়, ইতিহাস লিখোঁতাসকলে তেখেতসকলৰ লগতে সন্মানীয় প্ৰশাসন, পুলিচ, সাংবাদজগত আৰু শ্ৰদ্ধাৰ চুইপাৰ সকলৰ কথাও ধন্যবাদ-কৃতজ্ঞতাৰ দীপ্তমান আখৰেৰে লিপিবদ্ধ কৰি, নিজেও সমগ্র মানৱ জাতিৰ হৈ উপকাৰত বান্ধ খাই থাকিব, এই কথা নিশ্চিত।

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে, তেনেহ’লে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে।

Leave A Reply