Breaking

ছানস্ক্ৰীণ লগালেও মুখত ঘাম ওলায় নেকি? এই ৩টা খাদ্য গ্ৰহণ কৰক…

0 32

বাহিৰত ৰ’দ, মূৰত ছাতি আৰু চকুত ছানগ্লাছ থাকিলেও গৰমৰ পৰা একোৱেই ৰক্ষা কৰিব নোৱাৰে। আনহাতে ছালৰ সুৰক্ষাৰ বাবে মুখত প্ৰায় লোকে ছানস্ক্ৰীণ ব্যৱহাৰ কৰে। ছানস্ক্ৰীন বজাৰত বিক্ৰী এবিধ কৰা প্ৰসাধন সামগ্ৰী। ইয়াত বিভিন্ন ৰাসায়নিক মৌল মিহলি হৈ থাকে। ফলত এই উপাদানসমূহ ছালৰ বাবে আচলতে উপকাৰী হয় নে নহয় সেয়া স্পষ্ট নহয়। বিশেষকৈ যদি আপোনাৰ ছাল সংবেদনশীল হয়, তেন্তে ই অধিক কঠিন। ইয়াৰ বাহিৰেও বহুতৰে ছানস্ক্ৰীণ লগালে ছালত ঘাম ওলায়। গতিকে কোনো ধৰণৰ ৰিস্ক নোলোৱাকৈ ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পৰিৱৰ্তে বিকল্প হিচাপে কিছুমান খাদ্য খাব পাৰে।


নেমুৰ ৰস

ভিটামিন চি সমৃদ্ধ নেমুৱে ভিতৰৰ পৰা ছাল খনক সুৰক্ষা প্ৰদান কৰে। ক্ষতিকাৰক সূৰ্যৰ ৰশ্মিৰ পৰা ছাল ৰক্ষা কৰে নেমুৱে। ক্ষতিগ্ৰস্ত কোষ ভাল কৰাত নেমুৰ ৰসে ভূমিকা পালন কৰে।

বহুতে ওজন কমাবলৈ গ্ৰীণ টি খায়। গ্ৰীণ টি খালে আপোনাৰ ছালখনো টেনমুক্ত হ’ব। এই চাহত উপকাৰী এন্টিঅক্সিডেন্ট পলিফিনল থাকে। এই এন্টিঅক্সিডেন্টে শৰীৰক ভিতৰৰ পৰা পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে। গ্ৰীণ টি খোৱাৰ অভ্যাস ছালত সহজে টেন নহয়।

টেন প্ৰতিৰোধৰ আন এটা উপায় হ’ল বিলাহী। ৰ’দৰ সংস্পৰ্শলৈ অহাৰ ফলত হোৱা প্ৰায়বোৰ ছালৰ সমস্যাৰ সমাধান বিলাহীত লুকাই থাকে। বিলাহীয়ে ছালখনক সূৰ্যৰ পোহৰৰ পৰা নিৰ্গত UVA আৰু UVB ৰশ্মিৰ পৰা ৰক্ষা কৰে।

Leave A Reply